নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুপ্রৱেশ বন্ধ নহ’লে ২০ বছৰত ঝাৰখণ্ডত মুখ্যমন্ত্রী হ’ব বাংলাদেশী : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ বাংলাদেশী অনুপ্রৱেশকাৰীয়ে ঝাৰখণ্ডৰ আদিবাসী ৰাইজৰ প্রতি প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ এই অভিযোগ পুনৰ উত্থাপন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আগন্তুক ঝাৰখণ্ড নির্বাচনৰ প্রতি লক্ষ্য ৰাখি দলীয় সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যখনত সঘনাই উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে বাংলাদেশী প্রব্রজনকাৰীক ঝাৰখণ্ড চৰকাৰে উৎসাহিত কৰা বুলি মন্তব্য কৰিছিল৷ এই প্রসংগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে যদিহে ঝাৰখণ্ডলৈ বাংলাদেশী লোকৰ প্রব্রজন বন্ধ নহয়, তেন্তে আগন্তুক ২০ বছৰৰ পাছত বাংলাদেশী মূলৰ লোক ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হ’ব৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাংলাদেশ সীমান্তত অসম, ত্রিপুৰা আৰু পশ্চিমবংগ লাগি আছে৷ ইয়াৰে পশ্চিমবংগৰ মুর্ছিদাবাদ জিলাত বিগত দীর্ঘসময়ৰ পৰা বাংলাদেশীৰ প্রব্রজন চলি আছে আৰু এই জিলাখনৰ গাতে লাগি আছে ঝাৰখণ্ডৰ পাকুৰ জিলা৷ এই জিলাৰ জৰিয়তেই সমগ্র ঝাৰখণ্ডত ক্রমাৎ বাংলাদেশী প্রব্রজন বৃদ্ধি হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ঝাৰখণ্ডৰ আদিবাসী লোকসকলৰ বিপৰীতে এতিয়া প্রব্রজনকাৰীৰ সংখ্যা বৃদ্ধি হ’বলৈ লৈছে৷ ভোটাৰ তালিকাসমূহ ভালদৰে পৰীক্ষা কৰিলে দেখা পোৱা যায় যে ২০ শতাংশৰ পৰা প্রব্রজনকাৰী বৃদ্ধি হৈ ৫০–৬০ শতাংশলৈ বৃদ্ধি পাইছে৷ যদি ঝাৰখণ্ডত এই অবৈধ প্রব্রজন এতিয়াই বন্ধ কৰা নহয়, তেন্তে ঝাৰখণ্ডৰ পৰিস্থিতি অসম–ত্রিপুৰাৰ দৰে হ’ব৷ অসমত এতিয়া হিন্দু–মুছলমানৰ জনগাঁথনি যথেষ্ট সলনি হৈছে৷ ১৯৫১ চনত অসমত ১২–১৪ শতাংশ মুছলমান লোক আছিল যদিও এতিয়া এই গড় ৪২ শতাংশলৈ বৃদ্ধি পাইছে৷ একেদৰে পশ্চিমবংগতো প্রব্রজনৰ ফলত হিন্দুৰ তুলনাত মুছলমানৰ জনসংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে৷ পশ্চিমবংগৰ মুর্ছিদাবাদ জিলাৰ এজন তৃণমূল কংগ্রেছৰ মুছলমান বিধায়কে একপ্রকাৰ হিন্দুক এই বুলিও ভয় খুৱাইছে জিলাখনত ৭০ শতাংশ মুছলমান লোক আছে৷ গতিকে প্রয়োজনত হিন্দুসকলক উলিয়াই পেলোৱা হ’ব৷ ঝাৰখণ্ডৰ পাকুৰৰ তাৰানগৰ আৰু গোপীনাথ নগৰ এই দুয়োখন গাঁৱত অবৈধ প্রব্রজনকাৰীয়ে হিন্দুসকলক গাঁও খালী কৰাৰ বাবে ভাবুকি প্রদান কৰি আহিছে৷ আনকি এই অঞ্চলৰ পৰা ৫০টা পৰিয়াল আহি পাকুৰৰ সদৰত আশ্রয় ল’বলগা হৈছে৷ ৰাজ্যখনৰ গাইবাথানতো বাংলাদেশী প্রব্রজনকাৰীয়ে আদিবাসী লোকসকলৰ ভূমি দখল কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– ৰাজনীতি চলি থাকিব কিন্তু ঝাৰখণ্ডত বাংলাদেশী প্রব্রজনকাৰীৰ পৰা ৰক্ষা কৰাটো সকলো ৰাজনৈতিক দলৰে কর্তব্য৷ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে বাংলাদেশী প্রব্রজনকাৰী তথা জনগাঁথনি সলনিৰ যি পৰিৱেশ সৃষ্টি হৈছে, এই বিষয়টোৰ পৰা ফালৰি কাটি অহা উচিত নহয়৷ অন্যথা ৩০ বছৰ পাছত ঝাৰখণ্ডৰ মুখ্যমন্ত্রীয়ে অবৈধ প্রব্রজনকাৰীৰ ওচৰত শিৰ নত কৰিব লাগিব৷ উল্লেখ্য যে ঝাৰখণ্ডত দলীয় কাম–কাজ লৈ তৎপৰ হৈ থকা মুখ্যমন্ত্রী ড০ শর্মাক শেহতীয়াকৈ গোপীনাথপুৰ যোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছে স্থানীয় প্রশাসনে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত সাংবাদিকৰ আগত কয় যে স্থানীয় প্রশাসনে গোপীনাথপুৰলৈ গ’লে প্রব্রজনকাৰীৰ লক্ষ্য হৈ পৰিম বুলি মোক বাধা প্রদান কৰিছে৷ এই কথাৰ পৰা এটা দিশ প্রতীয়মান হয় যে অনুপ্রৱেশ সমস্যাৰে জর্জৰ ঝাৰখণ্ডত অনুপ্রৱেশকাৰীৰ ইমানেই প্রভাৱ যে এজন মুখ্যমন্ত্রী ক’লৈ যাব বা নাযাব, সেয়াও তেওঁলোকে নির্ধাৰণ কৰিব পাৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে সাংবিধানিক পদ এটাত থকাৰ বাবে ঝাৰখণ্ড চৰকাৰৰ বাধাক মই প্রত্যাহ্বান জনাব খোজা নাই৷ কিন্তু পৰৱর্তী সময়ত আইনগতভাৱে গোপীনাথপুৰলৈ যোৱাৰ বাবে মই অনুমতি লৈ আহিম আৰু তালৈ যাম৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জামছেদপুৰত বিজেপিৰ কার্যকর্তাসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়৷

You might also like