ঝাৰখণ্ডৰ ৰাজনীতিঃ পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত আছে, আমি প্ৰত্যাহ্বানৰ বাবে সাজু আছোঁঃ হেমন্ত ছোৰেন
বিশেষ বাৰ্তা, ৩০ আগষ্টঃ ঝাৰখণ্ডৰ মহাগোটবন্ধনৰ বিধায়কসকলে ৰাঁচীৰ পৰা ৰায়পুৰত আহি থিতাপি লৈছে। বিমানবন্দৰত নিজেই বিধায়কসকলক নমাই দিয়ে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। ঝাৰখণ্ড মহাগোটবন্ধন চৰকাৰৰ বিধায়কসকলক মঙলবাৰে ৰাঁচীৰ পৰা ৰায়পুৰলৈ স্থানান্তৰ কৰা হৈছে। হেমন্ত ছোৰেনে ২খন বাছেৰে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা বিধায়কসকলক লৈ ৰায়পুৰলৈ যোৱা বিমানবন্দৰত উপস্থিত হয়। যদিও ৰায়পুৰলৈ যোৱা নাই মুখ্যমন্ত্ৰী। কেৱল বিধায়কসকলৰ লগত বিমানবন্দৰলৈহে আহিছিল। এই সময়ত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে কয় যে “আমি প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম। কোনো অপ্ৰত্যাশিত পৰিঘটনা নাই। আমি সকলো কামৰ বাবে সাজু, পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত আছে। মই যদি যাওঁ সেয়া মই জনাম।” উল্লেখ্য যে ৰায়পুৰৰ মেফেয়াৰ ৰিজৰ্টত থাকিব সকলো বিধায়ক। ৰিজৰ্টৰ বাহিৰত আৰক্ষী মোতায়েনৰ নিৰ্দেশ দিয়া হৈচে। মেফেয়াৰ ৰিজৰ্টৰ ৪৭টা কোঠা বুকিং কৰা হৈছে। ইফালে, ১ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত ৰাঁচীত আহ্বান কৰা হৈছে কেবিনেট বৈঠক। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ২৭ আগষ্টত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে আন বিধায়কৰ সৈতে ৰাঁচীত নিজৰ বাসভৱনত উপস্থিত হৈছিল। চৰ্চা হৈছে যে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অযোগ্য ঘোষণা কৰাৰ পৰামৰ্শ দিছে যাৰ পিছত এই ৰাজনৈতিক অস্থিৰতা আৰম্ভ হৈছিল। কিন্তু নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত এতিয়াও ঘোষণা কৰা নাই ঝাৰখণ্ডৰ ৰাজ্যপালে। ১ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত ৰাঁচীতো এখন কেবিনেট বৈঠক আহ্বান কৰা হৈছে।