কর্ণাটক-মহাৰাষ্ট্রৰ মাজত বন্ধ বাছসেৱা, উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ ভাষাক লৈ সৃষ্টি হোৱা দ্বন্দ্বৰ বাবে অনির্দিষ্ট কালৰ বাবে বন্ধ হ’ল কর্ণাটক–মহাৰাষ্ট্র মাজত বাছসেৱা৷ এখন বাছত এগৰাকী যাত্রীয়ে মাৰাঠী ভাষাত টিকট বিচাৰিছিল কণ্ডাক্টৰৰ পৰা৷ লক্ষণীয়ভাৱে কণ্ডাক্টৰে যাত্রীগৰাকীক কন্নড় ভাষাত ক’বলৈ কৈছিল৷ ইয়াক লৈ উত্তেজনা আৰম্ভ হোৱাত কণ্ডাক্টৰক প্রহাৰ কৰে যাত্রীয়ে৷ সমস্যা ইয়াতেই শেষ হোৱা নাছিল৷ পিছদিনাখন সেই পথৰ এখন বাছৰ চালকৰ ওপৰত আক্রমণ চলোৱাৰ অভিযোগ উঠে৷ চালকৰ মুখত ক’লা ৰং সানি দিয়ে এদল অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে৷ ইয়াৰ পিছতে অনির্দিষ্ট কালৰ বাবে কর্ণাটকৰ সৈতে বাছসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লয় মহাৰাষ্ট্রই৷ ইফালে কণ্ডাক্টৰৰ বিৰুদ্ধে এদল ব্যক্তিয়ে অভিযোগ অনাৰ পিছত পকছো আইনত গোচৰ ৰুজু হৈছে৷ কণ্ডাক্টৰজনৰ বিৰুদ্ধে পকছো গোচৰ ৰুজু হোৱাৰ পিছত বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি এজনী চৈধ্য বছৰীয়া কিশোৰীৰ সৈতে দুর্ব্যৱহাৰ কৰিছিল কণ্ডাক্টৰজনে৷ এই ঘটনাৰ পিছদিনাখনে কর্ণাটকৰ চিত্রদুর্গত এমএছআৰটিচিৰ এখন বাছত আক্রমণ চলায় কেইজনমান অচিনাক্ত লোকে৷ বাছচালক ভাস্কৰ যাদৱক প্রহাৰ কৰাৰ উপৰি মুখত ক’লা ৰং সানি দিয়ে অচিনাক্ত দুর্বৃত্তৰ দলটোৱে৷ লগে লগে মহাৰাষ্ট্রৰ পৰিবহণ মন্ত্রী প্রতাপ ছাৰনায়কে দুয়োখন ৰাজ্যৰ মাজত বাছসেৱা স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷