ৰাজধানী দিল্লীত ২৭ বছৰৰ মূৰকত ফুলিব পদুম!
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ বহুচর্চিত দিল্লী বিধানসভা নির্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সামৰণি পৰে৷ ৭০জনীয়া বিধানসভাৰ ভোটগ্রহণৰ হাৰ ৫৭.৭০ শতাংশ৷ ভোটগ্রহণ সামৰণিৰ লগে লগে দেশৰ সংবাদ মাধ্যম আৰু বিভিন্ন সমীক্ষক সংস্থাই দিল্লী বিধানসভা নির্বাচনৰ এগ্জিট প’ল প্রকাশ কৰে৷ অহা ৮ ফেব্রুৱাৰীত ভোটগণনাৰ পূর্বেই দিল্লী কাৰ দখললৈ যাব এগ্জিট প’লত এক পূর্বানুমান প্রকাশ কৰা হয়৷ দেশবাসীৰ দৃষ্টি নিবদ্ধ দিল্লীত কোনে শেষ হাঁহি মাৰিব এই সন্দর্ভত প’ল অৱ এগ্জিট প’ল অনুসৰি ২৭ বছৰৰ মূৰকত দিল্লীত পদুম উভতি আহিব৷ প’ল অৱ এগ্জিট প’ল অনুসৰি দিল্লীত শাসকীয় আপৰ বাবে মোক্ষম আঘাত৷ বিজেপিয়ে ৭০জনীয়া বিধানসভাত চৰকাৰ গঠন কৰাৰ বাবে প্রয়োজনীয় মেজিক সংখ্যাতকৈ অধিক আসন লাভ কৰিব৷ এগ্জিট প’ল অনুসৰি বিজেপিয়ে ৪০ৰ ঊর্ধ্বত আসন লাভ কৰাৰ বিপৰীতে শাসকীয় আপে দ্বিতীয় স্থানত থাকি ৩০ৰ তলত আসন লাভ কৰিব৷ এগ্জিট প’লৰ সম্ভাৱনা অনুসৰি দিল্লীত কংগ্রেছ শূন্য হৈ থাকিব৷ সংবাদ সংস্থা টাইমছ নাও নৱভাৰত–জেভিচিৰ এগ্জিট প’ল অনুসৰি বিজেপিয়ে ৩৯–৪৫ আসন লাভ কৰাৰ বিপৰীতে আপে লাভ কৰিব ২২–৩১, কংগ্রেছ ০–২ আৰু অন্যান্যই ০–১ আসন লাভ কৰিব৷ নিউজ–৯ৰ মেট্রিজ অনুসৰি বিজেপিয়ে ৩৫–৪০, আপে ৩২–৩৩ আৰু কংগ্রেছে ০–১ আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ পিপল্ছ ইনছাইটৰ তথ্য অনুসৰি বিজেপিয়ে ৪০–৪৪, আপে ২৫–২৯ আৰু কংগ্রেছে ০–১ আসন লাভ কৰিব৷ আনপিনে পি মার্কৰ এগ্জিট প’ল অনুসৰি বিজেপিয়ে ৩৯–৪৯, আপে ২১–৩১ আৰু কংগ্রেছে ০–১ আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ পিপল্ছ পাল্ছৰ সম্ভাৱনা মতে, বিজেপিয়ে ৫১–৬০খন আসন লাভ কৰাৰ বিপৰীতে আপে ১০–১৯খন আসন লাভ কৰিব, কংগ্রেছ শূন্য৷ আন এক সংস্থা চাণক্যৰ মতে, বিজেপিয়ে ৩৯–৪৪, আপ ২৫–২৮ আৰু কংগ্রেছে ২–৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ দেশৰ আটাইকেইটা সংবাদ সংস্থা–প্রতিষ্ঠানৰ এগ্জিট প’লত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি পূর্বানুমান কৰিছে৷ উল্লেখ্য যে ২০১৫ আৰু ২০২০ চনৰ বিধানসভা নির্বাচনত এগ্জিট প’লত আপে বিজয়ী হ’ব বুলি পূর্বানুমান সম্পূর্ণ সত্য হৈছিল যদিও এগ্জিট প’লতকৈ অধিক আসন লাভ কৰিছিল আপে৷ লক্ষণীয় যে এগ্জিট প’লত বিজেপিয়ে জয়লাভ কৰিব বুলি প্রকাশ পাইছে যদিও আপৰ নেতাই তেওঁলোকেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ এগ্জিট প’লৰ সত্যাসত্যৰ বাবে আমি ৮ ফেব্রুৱাৰীলৈ অপেক্ষা কৰিব লাগিব৷ ইপিনে আজি পুৱা ৭ বজাৰ পৰা দিল্লী বিধানসভাৰ ৭০টা সমষ্টিতে ভোটগ্রহণ আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজালৈকে এই ভোটগ্রহণ প্রক্রিয়া চলে৷ নির্বাচন আয়োগৰ তথ্য মতে, সন্ধিয়া ৫ বজালৈ দিল্লীত ভোটদানৰ হাৰ ৫৭.৭০ শতাংশ৷ এই ভোটদানৰ হাৰ ২০১৫ আৰু ২০২০ৰ তুলনাত কম৷ আজি ৭০টা বিধানসভা সমষ্টিৰ ১৩,৭৬৬ ভোটগ্রহণ কেন্দ্রত ৬৯৯গৰাকী প্রার্থীৰ ভাগ্য ইভিএমত বন্দী হয়৷ দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, মুখ্যমন্ত্রী আতিশী, প্রাক্তন উপ–মুখ্যমন্ত্রী মনীষ ছিছোডিয়াকে ধৰি আপৰ নেতাসকলৰ ভাগ্য নির্ণয় হ’ব৷ বিজেপিৰ ৰমেশ বিধুৰী, পাৰভেজ বার্মা আদি নেতাৰ ভাগ্য নির্ণয় হ’ব৷ কংগ্রেছৰ সন্দীপ দীক্ষিতকে ধৰি কেইবাজনৰ ভাগ্য ইভিএমত বন্দী হৈছে৷