প্ৰিয়জনৰ নামত সেন্দূৰেৰে সেওঁতা ৰঙা কৰা হিমাংশীৰ গাত আজি বগাসাজ, ইউৰোপৰ ভিছা যদি পালেহেঁতেন….
নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ ভিতৰত এজন নৌসেনাৰ বিষয়াও আছে। লেফটেনেণ্ট বিনয় নৰৱালে মাত্ৰ ৮ দিন আগতে হিমাংশী নৰৱালৰ লগত বিয়া হৈছিল আৰু দুয়ো কাশ্মীৰলৈ গৈছিল হানিমুনলৈ। যদিও তেওঁৰ পৰিকল্পনা ইউৰোপলৈ যোৱাৰ আছিল, কিন্তু ভিছা নোপোৱাৰ বাবে তেওঁ পৰিকল্পনা সলনি কৰিবলগীয়া হৈছিল আৰু তেওঁ কাশ্মীৰলৈ গৈছিল।
লেফটেনেণ্ট বিনয় নৰৱালৰ বয়স আছিল ২৬ বছৰ আৰু মাত্ৰ আঠ দিন পূৰ্বে হিমাংশী নৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি এই দম্পতীহালে প্ৰথমে হানিমুনৰ বাবে ইউৰোপলৈ যাব বিচাৰিছিল যদিও ভিছা লাভ কৰিব পৰা নাছিল আৰু সেয়েহে এই পৰিকল্পনা বাতিল কৰিবলগীয়া হৈছিল। বিনয় হাৰিয়ানাৰ কৰ্ণালৰ বাসিন্দা। তেওঁৰ পৰিয়ালটো হাৰিয়ানাৰ কৰ্ণালৰ ছেক্টৰ ৭ত থাকে।
সন্ত্ৰাসবাদীয়ে হিমাংশীৰ সন্মুখত বিনয়ক গুলীয়াই হত্যা কৰে। অৱশ্যে হিমাংশীৰ একো নহ’ল আৰু তেওঁ ঠিকেই আছে। বিনয় আৰু হিমাংশীয়ে ২১ এপ্ৰিলত জম্মু-কাশ্মীৰত উপস্থিত হৈ ২২ এপ্ৰিলত পেহেলগামৰ এখন হোটেলত চেক ইন কৰে। হিমাংশী নাৰৱালৰ এটা ভিডিঅ’ও ওলাইছে, য’ত তেওঁ কয় যে তেওঁ আৰু বিনয় পেহেলগামৰ ওচৰৰ মিনি ছুইজাৰলেণ্ড নামেৰে বিখ্যাত পৰ্যটনস্থলী বৈছাৰন উপত্যকা পৰিদৰ্শন কৰিবলৈ গৈছিল। তেনেতে সন্ত্ৰাসবাদী আহি গুলীচালনা কৰে। ভিডিঅ’টোত হিমাংশীয়ে কোৱা দেখা গৈছে যে, ‘মই মোৰ স্বামীৰ সৈতে ভেলপুৰী খাই আছিলো যেতিয়া এজন মানুহ আহি বিনয়ৰ ফালে আঙুলিয়াই ক’লে – তেওঁ মুছলমান নহয় আৰু তাৰ পিছত তেওঁ গুলী চলালে।’
বিনয় নৰৱাল অভিযান্ত্ৰিক স্নাতক আৰু মাত্ৰ তিনি বছৰ পূৰ্বে নৌসেনাত যোগদান কৰিছিল। বৰ্তমান তেওঁ কেৰালাৰ কোচিত পদবীত আছিল। তেওঁৰ পিতৃ ৰাজেশ কুমাৰ, যি পানীপাটৰ শুল্ক বিভাগৰ অধীক্ষক। বিনয়ৰ মাকৰ নাম আশা দেৱী আৰু আইতাকৰ নাম বিৰু দেৱা। আশা দেৱী এগৰাকী গৃহিণী। দিল্লীত থাকি অসামৰিক সেৱাৰ বাবে সাজু হৈছে বিনয়ৰ জ্যেষ্ঠ ভগ্নী সৃষ্টি। বিনয়ৰ দাদা হাৱা সিং হাৰিয়ানা আৰক্ষীত আছিল আৰু ২০০৪ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।