নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা সুৰেশ পাচৌৰীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ মধ্যপ্ৰদেশ কংগ্ৰেছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা সুৰেশ পাচৌৰীয়ে আজি বিজেপিত যোগদান কৰে। আজি সমৰ্থকসকলৰ সৈতে সুৰেশ পাচৌৰীয়ে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰাক্তন সাংসদ গজেন্দ্ৰ সিঙেও বিজেপিত যোগদান কৰিছে। সুৰেশ পাচৌৰী চাৰিবাৰৰ ৰাজ্যসভাৰ সাংসদ আছিল। ১৯৭২ চনত যুৱ কংগ্ৰেছ কৰ্মী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল সুৰেশ পাচৌৰীয়ে। ইয়াৰ পিছত ১৯৮৪ চনত ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি হয়। ১৯৮৪ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ১৯৯০, ১৯৯৬ আৰু ২০০২ চনত পুনৰ নিৰ্বাচিত হয়। কেন্দ্ৰীয় প্ৰতিৰক্ষা, কৰ্মী, জনঅভিযোগ আৰু পেঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ দলটোৰ তৃণমূল পৰ্যায়ৰ সংগঠন কংগ্ৰেছ সেৱা দলৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

You might also like