চণ্ডীগড়ত কংগনা ৰানাৱটক প্ৰচণ্ড চৰ চিআইএছএফৰ মহিলা জোৱানৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুনঃ চণ্ডীগড় বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে যাত্রা কৰাৰ বাবে উপস্থিত হোৱাৰ সময়তে হিমাচলৰ মাণ্ডিৰ নৱনির্বাচিত সাংসদ কংগণা ৰানাৱটক পূর্ণহতীয়া চৰ শোধালে বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা মহিলা চিআইএছএফ জোৱান এগৰাকীয়ে৷ এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে মহিলা চিআইএছএফ জোৱানগৰাকীক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈছে৷ নৱনির্বাচিত সাংসদগৰাকীক চৰিওৱা ঘটনাৰ বাবে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে অভিযুক্ত কুলবিন্দৰ কৌৰ নামৰ জোৱানগৰাকীক৷ কিন্তু কিয় এনে অবাঞ্চিত ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল অভিনেত্রী কংগণা, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে কৌতুহল৷ স্মর্তব্য যে ২০২১ চনত দিল্লীৰ ৰাজপথত সংগঠিত পঞ্জাৱৰ কৃষক আন্দোলনৰ বিৰোধিতা কৰি এটাৰ পিছত এটাকৈ আক্রমণাত্মক টুইট কৰিছিল কংগণা ৰানাৱটে৷ ইয়াৰ ফলত অভিনেত্রীগৰাকী আইনী পেছতো পৰিবলগীয়া হৈছে৷ এইবাৰ চণ্ডীগড় বিমানবন্দৰত মহিলা জোৱানগৰাকীয়ে কংগণাক চৰিয়াই তাৰ প্রতিশোধ ল’লে৷ লক্ষণীয়ভাৱে কংগণাক চৰিওৱা কুলবিন্দৰ কৌৰ পঞ্জাৱৰ কাপুৰথালাৰ বাসিন্দা৷ কৃষক আন্দোলনক লৈ কঠোৰ মন্তব্য আগবঢ়াইছিল কংগণা ৰানাৱটে৷ আন্দোলনকাৰী কৃষকসকলক ‘খালিস্তানী’, ‘সন্ত্রাসবাদী’ বুলিও অভিহিত কৰিছিল অভিনেত্রীগৰাকীয়ে৷ আনকি বিতর্কিত তিনি কৃষি আইন যেতিয়া প্রত্যাহাৰ কৰাৰ কথা প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰিছিল, তেতিয়াও কৃষকসকলক ‘জেহাদী’ বুলি অভিহিত কৰিছিল হিমাচলৰ মাণ্ডিৰ কুইনে৷ লক্ষণীয়ভাৱে কংগণাৰ এনে মন্তব্যক লৈ শিখ সম্প্রদায়ৰ একাংশ লোক ক্ষুব্ধ হৈ পৰিছিল৷ আনকি অভিনেত্রী কংগণাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ অকল সেয়াই নহয়, পঞ্জাৱলৈ গৈ কৃষকসকলৰ বিক্ষোভৰ সন্মুখীনো হ’বলগীয়া হৈছিল অভিনেত্রীগৰাকী৷ সেই সময়ত কংগণাৰ গাড়ী ঘেৰাও কৰি বিক্ষোভ প্রদর্শন কৰিছিল কৃষকসকলে৷ এতিয়াও শিখ সম্প্রদায়ৰ ক্ষোভ শেষ হোৱা নাই৷ সেই ক্ষোভৰ বহিঃপ্রকাশ ঘটিল চণ্ডীগড় বিমানবন্দৰত৷ উল্লেখনীয় যে সদ্যসমাপ্ত লোকসভা নির্বাচনত হিমাচল প্রদেশৰ মাণ্ডিৰ পৰা কংগ্রেছ প্রার্থী বিক্রমাদিত্য সিঙৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰিছে কংগণা ৰানাৱটে৷ বিজেপিৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি ৫ লাখৰো অধিক ভোটত জয়লাভ কৰিছে হিমাচলৰ ভূমিকন্যা কংগণাই৷ সেই কংগণাক চণ্ডীগড় বিমানবন্দৰত নিৰাপত্তাৰ দায়িত্বত থকা চিআইএছএফৰ মহিলা জোৱানে চৰিওৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷