২৯ জুলাইত মনীষ ছিছোদিয়াৰ জামিনৰ শুনানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ দিল্লী সুৰা কেলেংকাৰিৰ অধীনত আবকাৰী নীতিৰ গোচৰত ২০২৩ৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। উল্লেখ্য, প্ৰথমে ইডিয়ে তেওঁক সোধা-পোছা কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত চিবিআইয়েও গ্ৰেপ্তাৰ কৰিছিল।মনীষ ছিছোদিয়াই আৱেদন কৰা জামিনৰ পৰৱৰ্তী শুনানি ২৯ জুলাইত হব বুলি উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে জাননী । উল্লেখ্য় যে একেটা গোচৰতে মুক্তি পায়ো কাৰাবন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।