পৃথিৱী ওলট-পালট হ’লেও মোদীৰ গেৰাণ্টী কেতিয়াও ফেইল নহয়
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে’ : বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওড়িশাত চাৰিখনকৈ বিশাল নির্বাচনী প্রচাৰ সভাত অংশ গ্রহণ কৰে৷ লোকসভা নির্বাচনৰ লগতে ওড়িশা বিধানসভা নির্বাচনৰ প্রচাৰ চলাই মুখ্যমন্ত্রী ড০ শর্মাই জনসাধাৰণক বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায়৷ ওড়িশাৰ ন্যায়, শান্তি, প্রগতিৰ বাবে ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ প্রতিষ্ঠা কৰিব লাগিব বুলি উল্লেখ কৰে৷ লোকসভা নির্বাচনত ওড়িশাবাসী ৰাইজক প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৪০০ৰো অধিক আসনত বিজয়ী কৰাই মোদীক পুনৰ দেশৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মোগলৰ শাসনকালত বাবৰ, ঔৰংগজেৱে মন্দিৰ ধ্বংস কৰিছিল৷ বাবৰে ৰামমন্দিৰ ভাঙি অযোধ্যাত বাবৰি মছজিদ নির্মাণ কৰিছিল৷ ৰাম মন্দিৰ ভাঙি বাবৰি মছজিদ নির্মাণ কৰা ৫০০ বছৰ হৈ গৈছে৷ দেশ স্বাধীনতাৰ পিছত কংগ্রেছে ৬০ বছৰ শাসন কৰিলে৷ এই সুদীর্ঘ সময়ছোৱাত কংগ্রেছে ৰাম মন্দিৰ নির্মাণৰ বাবে একো নকৰিলে৷ পৰৱর্তী পর্যায়ত বিজেপি শাসনলৈ অহাত ৰাম মন্দিৰ নির্মাণৰ পদক্ষেপ লয়৷ কিন্তু কংগ্রেছে তেতিয়াও ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কেতিয়া হ’ব বুলি ঠাট্টা কৰা আৰম্ভ কৰিলে৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰ নির্মাণ কৰি দেখুৱালে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– ‘হিন্দুক চেলেঞ্জ নকৰিব, মোদীয়ে ৰাম মন্দিৰ নির্মাণ কৰি দেখুৱাই দিলে৷ আমি সহনশীল হ’ব পাৰো৷ কিন্তু ভগৱানৰ সন্মানৰ কথা আহিলে আমি সেয়া কৰি দেখুওৱা৷’ মোগলৰ শাসনকালত ৰাম মন্দিৰৰ উপৰি ভগৱান শ্রীকৃষ্ণৰ জন্মভূমি মথুৰাত শ্বাহী ঈদগাহ আৰু বাবা বিশ্বনাথৰ কাশীৰ সন্মুখতে জ্ঞানব্যাপী মছজিদ নির্মাণ কৰিছিল৷ এইবাৰ ৪০০ আসনেৰে মোদী প্রধানমন্ত্রী হোৱাৰ পিছত মথুৰাত কৃষ্ণ জনভূমি মন্দিৰ আৰু জ্ঞানব্যাপী মছজিদৰ স্থানত বাবা বিশ্বনাথৰ মন্দিৰ নির্মাণ কৰা হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হিন্দু আজি সুসংগঠিত হৈছে৷ হিন্দু আজি কিছু খঙত আছে৷ হিন্দু বহুত বছৰৰ পিছত জাগ্রত হৈছে৷ আমাৰ আধৰুৱা কাম সম্পূর্ণ নোহোৱালৈ হিন্দু জাগ্রত থাকিব৷ সেইদৰে পাক অধিকৃত কাশ্মীৰৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছে কাশ্মীৰক দ্বিখণ্ডিত কৰিলে৷ কংগ্রেছে পাক অধিকৃত কাশ্মীৰ পাকিস্তানক গতাই দি ভাৰতৰ অংশত থকা কাশ্মীৰত শান্তি প্রতিষ্ঠা কৰিব বিচাৰিছে৷ কিন্তু আমাৰ দেশৰ কোনো প্রদেশ পাকিস্তানে নিব সেয়া হ’ব নোৱাৰে৷ এইবাৰ প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ দখলত থকা কাশ্মীৰ ভাৰতলৈ আনিব৷ এয়া নতুন ভাৰত৷ ইয়াৰ বাবে মোদীক এইবাৰ লোকসভা নির্বাচনত ৪০০ৰো অধিক আসনত বিজয়ী কৰাব লাগে৷ কংগ্রেছৰ দিনত পাক অধিকৃত কাশ্মীৰ ভাৰতে দখললৈ আনিব তাক লৈ সপোনও দেখা নাছিল৷ আজি হিন্দুৱে এই সপোন দেখিছে, ভাৰতীয়ই এই সপোন দেখিছে৷ এবাৰ হিন্দুৱে সপোন দেখিলে সেয়া সাকাৰ কৰে৷ ইপিনে নবীন পাটনায়ক নেতৃত্বাধীন বর্তমানৰ ওড়িশাৰ ৰাজ্য চৰকাৰখনৰ শাসনকালত ব্যাপক দুর্নীতি–নিয়ম, অৰাজকতা চলি থকাৰ বিষয়ে উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ চাবি অন্তর্ধান হৈছে৷ প্রত্যেক তিনি বছৰত ৰত্ন ভাণ্ডাৰৰ হিচাব হ’ব লাগে৷ কিন্তু চাবি অন্তর্ধান হোৱা বাবে হিচাব হোৱা নাই৷ এইবাৰ ওড়িশাত বিজেপিয়ে চৰকাৰ কৰিলে সেই চাবি উলিয়াই আনিবই৷ সেই চাবি যদি পাতালতো আছে তাৰ পৰাও উলিয়াই আনিব৷ কাৰণ জগন্নাথ মন্দিৰ হিন্দুৰ সম্পত্তি৷ ওড়িশাৰ কাষতে লাগি থকা ছত্তিশগড়ৰ কৃষকে প্রতি কুইণ্টল ধানৰ নূ্যনতম সমর্থিত মূল্য ৩,১০০ টকা পোৱাৰ বিপৰীতে ওড়িশাৰ কৃষকে যথেষ্ট কমকৈ পোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিয়ে চৰকাৰ গঠন কৰিলেই ওড়িশাৰ কৃষকেও প্রতি কুইণ্টলৰ ধানৰ বিপৰীতে ৩,১০০ টকাকৈ পাব৷ সেইদৰে এইবাৰ ওড়িশাত বিজেপিয়ে চৰকাৰ গঠন কৰিলেই ৰাজ্যখনৰ কমেও তিনি লাখ লোকক চৰকাৰী খৰচত ৰাম মন্দিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনুৰূপ ধৰণে সুভদ্রা যোজনাৰ অধীনত ওড়িশাত প্রতিগৰাকী মহিলাক ৫০ হাজাৰকৈ টকাকৈ প্রদান কৰা হ’ব৷ ৰাজ্যখনৰ তিনি লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷ বৃদ্ধ, বিধৱা পেন্সনৰ পৰিমাণ ৫০০ টকাৰ পৰা তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব৷ ওড়িশাত বর্তমান সকলো চৰকাৰী কামত কমিছনৰাজ চলা, ভেজাল দৰব, মহিলাৰ ওপৰত অপৰাধ বৃদ্ধি হোৱা আদিৰ বিষয়ে উল্লেখ কৰি জনসাধাৰণক এইবাৰ নবীন পাটনায়কৰ শাসনৰ অৱসান ঘটাবলৈ আহ্বান জনাই কয় যে পৃথিৱী ওলট–পালট হ’লেও মোদীৰ গেৰাণ্টী কেতিয়াও ফেইল নহয়৷ অসম, ছত্তিশগড়, মধ্যপ্রদেশ আদিকে ধৰি বিজেপিশাসিত ৰাজ্যসমূহেই এইক্ষেত্রত উৎকৃষ্ট উদাহৰণ৷