নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাসত্ব মনোভাৱৰ বিৰোধী আছিল ছাভাৰকাৰ : মন কী বাত সম্বোধন মোদীৰ

বিশেষ বাৰ্তা, ২৮ মেঃ মন কী বাতৰ জৰিয়তে আজি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মন কী বাত’ৰ এই খণ্ডটো এটা শতকীয় খণ্ডৰ পিছৰ দ্বিতীয় শতকৰ আৰম্ভণি। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতক উদযাপন কৰিলোঁ। আপোনালোকৰ অংশগ্ৰহণ এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। মোদীয়ে কয়, যেতিয়া ‘মন কী বাত’ সম্প্ৰচাৰ হৈছিল, সেই সময়ত পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন টাইম জ’নত, ক’ৰবাত সন্ধিয়া আৰু ক’ৰবাত গভীৰ নিশা। ইয়াৰ পিছতোবৃহৎ সংখ্যক লোকে সময় উলিয়াই ১০০সংখ্যক খণ্ড শুনিলে। মোদীয়ে আৰু কয়, যোৱা মান কী বাতত কাশী তামিল সংগমৰ কথা কৈছিল। সৌৰাষ্ট্ৰ তামিল সংগমৰ বিষয়ে কথা পাতিলে। কাশী তেলেগু সংগমো কিছুদিনৰ আগতে বাৰাণসীত ঘটিছিল। এক ভাৰতৰ মহান মনোভাৱক শক্তি প্ৰদানৰ বাবে দেশত এনে এক অনন্য প্ৰচেষ্টা চলোৱা হৈছে। এয়া যুৱ সংগমৰ প্ৰচেষ্টা। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আঁচনিৰ অধীনত যুৱ সংগম কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰি একাংশ অংশগ্ৰহণকাৰীৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ত অৰুণাচল প্ৰদেশৰ ছাত্ৰ জ্ঞানাৰ ন্যকমে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি সংগম কাৰ্যসূচীৰ ওপৰত ব্লগ লিখি নিজৰ অভিজ্ঞতা ভাগ কৰিবলৈ পৰামৰ্শ দিয়ে। অলপতে মোদীয়ে জাপান ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে, কিছুদিন পূৰ্বে মই জাপানলৈ গৈছিলো য’ত মই হিৰোচিমা শান্তি স্মাৰক পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলো। আৱেগিক মুহূৰ্ত আছিল। আমি যেতিয়া ইতিহাসৰ স্মৃতিবোৰ সংৰক্ষণ কৰি ৰাখোঁ তেতিয়া ই আগন্তুক প্ৰজন্মক বহুত সহায় কৰে। মোদীয়ে কয়, বিগত বছৰবোৰতো আমি ভাৰতত নতুন ধৰণৰ সংগ্ৰহালয় আৰু স্মৃতিসৌধ নিৰ্মাণ হোৱা দেখিছো। স্বাধীনতা সংগ্ৰামত জনজাতীয় ভাই-ভনীসকলৰ অৱদানৰ প্ৰতি উৎসৰ্গিত দহটা নতুন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। মোদীয়ে কয়, গুৰুগ্ৰামত আছে এক অনন্য সংগ্ৰহালয়। Museo Camera, ইয়াত ১৮৬০ চনৰ পিছত ৮ হাজাৰতকৈও অধিক কেমেৰাৰ সংগ্ৰহ আছে। আমাৰ দিব্যাংজানক মনত ৰাখি তামিলনাডুৰ সম্ভাৱনা সংগ্ৰহালয়ৰ ডিজাইন কৰা হৈছে। মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ বাস্তু সংগ্রহালয় এনে অন্যতম সংগ্ৰহালয়, য’ত ৭০ হাজাৰৰো অধিক বাস্তু সংৰক্ষিত হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বীৰ ছাভাৰকাৰক স্মৰণ কৰি কয় যে, তেওঁৰ ব্যক্তিত্ব দৃঢ়তা আৰু উদাৰতাৰে সন্নিৱিষ্ট আছিল। তেওঁৰ নিৰ্ভীক আৰু আত্মসন্মানী স্বভাৱটোৱে দাসত্বৰ মানসিকতা একেবাৰেই ভাল নাপালে। কেৱল স্বাধীনতা আন্দোলনেই নহয়, বীৰ ছাভাৰকাৰে সামাজিক সমতা আৰু সামাজিক ন্যায়ৰ বাবে যি কাম কৰিছিল, আজিও স্মৰণীয় হৈ আছে।

You might also like