নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানো আহক অবিৰত নিৰ্বাচন জিকাৰ মোদীৰ অস্ত্ৰ

বিশেষ বাৰ্তা, ২৮ মেঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মোদীৰ ঢৌত উঠি বিজেপিয়ে লাভ কৰিছিল ২৮২খন আসন। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়লৈকে এই ঢৌ মোদী ছুনামিলৈ ৰূপান্তৰিত হৈছিল। কোনোৱে ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰভাৱ বুলি অভিহিত কৰাৰ বিপৰীতে কোনোৱে ইয়াক বিজেপিৰ ৰাজনৈতিক মতাদৰ্শত জাতীয়তাবাদৰ ৰং বুলি অভিহিত কৰে। এই কথাটোও সঁচা যেন লাগে। শেহতীয়াকৈ ওলোৱা এক সমীক্ষাতো এই কথা দাবী কৰা হৈছে। ৰাষ্ট্ৰীয় এক সমীক্ষাত প্ৰকাশ পাইছে যে কৰ্ণাটকত বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছৰ উদ্যমে শিখৰত উপনীত হ’লেও নৰেন্দ্ৰ মোদীৰে যুঁজ দিয়াটো ইমান সহজ হ’ব নোৱাৰে। সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰধানমন্ত্ৰী মোদীৰ হাতত এনে দুটা ৰাজনৈতিক অস্ত্ৰ আছে, যিয়ে যিকোনো দলক অসহায় কৰি তোলে। সমীক্ষাত ৰাইজক এটা প্ৰশ্ন কৰা হৈছিল যে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনীতি হিন্দুত্ব আৰু জাতীয়তাবাদৰ আশে-পাশে ঘূৰি আছে বুলি আপুনি ভাবেনে? সমীক্ষাত জড়িত ৫৮ শতাংশ লোকে হয় বুলি উত্তৰ দিয়ে। এই আটাইকেইজন লোকে বিশ্বাস কৰে যে মোদীৰ ৰাজনীতি হিন্দুত্ব আৰু জাতীয়তাবাদৰ আশে-পাশে ঘূৰি থাকে। একে সময়তে ২৩ শতাংশ লোকে অস্বীকাৰ কৰাৰ বিপৰীতে ১৯ শতাংশ লোকে এই প্ৰশ্নৰ ওপৰত একো নোকোৱাৰ বিকল্প বাছি লৈছিল। ভাৰতীয় ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা এই দুয়োটা কাৰণেই বৃহৎসংখ্যক লোকক প্ৰভাৱিত কৰে। সমীক্ষাৰ ফলাফল চালে স্পষ্টকৈ দেখা যায় যে ৫৮ শতাংশ লোকে বিশ্বাস কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনীতিত হিন্দুত্ব আৰু জাতীয়তাবাদৰ মিশ্ৰণ আছে। যাৰ ওপৰত ৫৮ শতাংশ লোকে এই কথা বিবেচনা কৰি নিজৰ ষ্টাম্প লগাইছে। সমীক্ষাত জড়িত ২৩ শতাংশ লোকৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনীতিৰ লগত হিন্দুত্ব আৰু জাতীয়তাবাদৰ কোনো সম্পৰ্ক নাই। একে সময়তে ১৯ শতাংশ লোকে এই প্ৰশ্নৰ ওপৰত নিজৰ মতামত দিব নোৱাৰিব বুলি মত প্ৰকাশ কৰিছে।

You might also like