নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’ৰ্টত মণিপুৰৰ প্রথমগৰাকী বিচাৰপতি এন কোটিশ্বৰ সিং

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰিছে পুনৰ দুগৰাকী ন্যায়াধীশে৷ ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনক শীর্ষ আদালতখনত নিয়োগৰ ক্ষেত্রত অনুমোদন জনায় ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ ন্যায়াধীশ নিয়োগৰ আনুষ্ঠানিক ঘোষণা কৰিছে আইনমন্ত্রী অর্জুনৰাম মেঘাৱালে৷ ইয়াৰ ফলত শীর্ষ আদালতত ন্যায়াধীশৰ ক্ষেত্রত থকা শূন্য পদৰ অৱসান ঘটিল৷ উচ্চতম ন্যায়ালয় কলেজিয়ামে পূর্বেই এই দুয়োগৰাকী ন্যায়াধীশৰ পদোন্নতিৰ প্রস্তাৱ আগবঢ়াইছিল৷ নতুন দুগৰাকী ন্যায়াধীশ নিয়োগৰ ফলত উচ্চতম ন্যায়ালয়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়সহ ন্যায়াধীশৰ সংখ্যা ৩৪লৈ বৃদ্ধি পালে৷ অর্থাৎ শীর্ষ আদালতখনত শূন্য পদৰ অৱসান হ’ল৷ উচ্চতম ন্যায়ালয়ত প্রয়োজনীয় ৩৪গৰাকী ন্যায়াধীশৰ পদ পূর্ণ হ’ল৷ মণিপুৰৰ পৰা প্রথমবাৰলৈ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে এন কোটিশ্বৰ সিঙে৷ বর্তমান জম্মু–কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিং৷

You might also like