ৰাজ্যসভাত নাছিৰ হুছেইনৰ বিজয়ৰ পিছত কৰ্ণাটকত পাকিস্তান জিন্দাবাদ ধ্বনি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ কৰ্ণাটকত ৰাজ্যসভাৰ সাংসদ নাছিৰ হুছেইনৰ বিজয়ৰ পিছত বিধানসভাৰ বাহিৰত পাকিস্তান জিন্দাবাদৰ শ্লোগান দিয়াৰ অভিযোগ উত্থাপন হৈছে। এতিয়া এই গোচৰৰ ফৰেনছিক ৰিপৰ্ট ওলাইছে। এই প্ৰতিবেদনত দাবী কৰা হৈছে যে কৰ্ণাটক বিধানসভাৰ বাহিৰত ‘পাকিস্তান জিন্দাবাদ’ৰ শ্লোগান উত্থাপন হৈছিল। ইণ্ডিয়া টুডেৰ এক বাতৰিত ফৰেনছিক ৰিপৰ্টৰ দাবী উত্থাপন হৈছে। ইণ্ডিয়া টুডেই নিজৰ বাতৰিৰ সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ৰাজ্যসভাত বিজয়ৰ উদযাপনৰ সময়ত পাকিস্তানৰ সমৰ্থনত শ্লোগান উত্থাপন কৰা হৈছিল বুলি ফৰেনছিক বিশেষজ্ঞসকলে এই কথা নিশ্চিত কৰিছে। ৰাজ্য চৰকাৰক দাখিল কৰা প্ৰতিবেদনত ভিডিঅ’ আৰু অডিঅ’ দুয়োটাতে পাকিস্তান সমৰ্থক শ্লোগান থকাৰ কথাও নিশ্চিত কৰা হৈছে আৰু ফুটেজত কোনো হেতালি খেলা হোৱা নাই বুলিও কোৱা হৈছে। এই গোচৰত মহম্মদ ছফিক নাচিপুডীক জেৰাৰ বাবে আটক কৰি ৰখা হৈছে। ২৭ ফেব্ৰুৱাৰীত কৰ্ণাটক বিধানসভাত পাকিস্তান সমৰ্থক শ্লোগান উত্থাপন কৰাৰ সন্দৰ্ভত বিধান সৌধা থানাত গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ এজন সন্দেহযুক্ত মহম্মদ শ্বফিক নাচিপুডীক বেংগালুৰু আৰক্ষীয়ে আটক কৰি ৰাখিছে। এই বিষয়টো ২৭ ফেব্ৰুৱাৰীৰ গভীৰ সন্ধিয়া পোহৰলৈ আহিছিল। কৰ্ণাটকত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ নেতা চৈয়দ নাছিৰ হুছেইনৰ বিজয় উদযাপন কৰাৰ সময়ত হঠাতে পাকিস্তান জিন্দাবাদৰ শ্লোগান উত্থাপন হয়। ইয়াৰ সৈতে জড়িত ভিডিঅ’টোক লৈ বিজেপি নেতাসকলে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰে। ২৭ ফেব্ৰুৱাৰীৰ গভীৰ নিশা বিজেপি নেতাসকলে এই বিষয়ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। এই অভিযোগ সন্দৰ্ভত তেতিয়া নাছিৰ হুছেইনে কৈছিল যে উদযাপনৰ সময়ত পাকিস্তান জিন্দাবাদৰ শ্লোগান উত্থাপন কৰা হোৱা নাছিল। ৰাইজে কৈ আছিল নাছিৰ হুছেইন জিন্দাবাদ। ইফালে বিজেপিয়ে এই বিষয়ত কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি লৈছে। বৃহস্পতিবাৰে বিৰোধী নেতা আৰ. অশোকৰ নেতৃত্বত বিজেপিৰ বিধায়কসকলে ‘ৰাজ ভৱন চালো’ সমদল উলিয়াই ৰাজ্যৰ দুৰ্বল আইন-শৃংখলা পৰিস্থিতিৰ বাবে কংগ্ৰেছ চৰকাৰক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল।