নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নায়েব সিং ছৈনী হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২মাৰ্চঃ নায়েব সিং ছৈনীয়ে আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত লোৱাৰ পূৰ্বে নায়েব সিং ছৈনীয়ে মনোহৰ লাল খট্টৰৰ ভৰি চুই আশীৰ্বাদ লয়। আমোদজনকভাৱে এই শপতগ্ৰহণ কাৰ্যসূচীত জেজেপিৰ চাৰিজন বিধায়ক দেৱেন্দ্ৰ বাবলী, ঈশ্বৰ সিং, যোগীৰাম আৰু ৰাম নিৱাশেও অংশগ্ৰহণ কৰে। আজি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয় নায়েব সিং ছৈনী। পিছত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। আজি হাৰিয়ানাত বিজেপিয়ে লোৱা সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিলে। মনোহৰ লাল খট্টৰকে ধৰি সকলো মন্ত্ৰীয়ে পদত্যাগ কৰে। এইদৰেই লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জেজেপিৰ সৈতে বিজেপিৰ মিত্ৰতা ভাঙি যায়। আচলতে হাৰিয়ানাত পৰিৱৰ্তনৰ চৰ্চা আৰম্ভ হৈছিল এসপ্তাহৰ আগতে। সূত্ৰ অনুসৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে হাৰিয়ানাৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল। সেই বৈঠকত এটা প্ৰতিবেদন দাখিল কৰা হৈছিল য’ত কোৱা হৈছিল যে হাৰিয়ানাৰ জাট সম্প্ৰদায় মনোহৰ লাল খট্টৰৰ লগত নাই। প্ৰতিবেদনৰ জৰিয়তে কোৱা হৈছিল যে যদি মনোহৰ লাল খট্টৰে কাৰ্যভাৰ অব্যাহত থাকে তেন্তে সম্ভৱ যে জাট ভোটাৰসকলে একত্ৰিত হৈ কংগ্ৰেছৰ পক্ষত যাব পাৰে। এনে পৰিস্থিতিত দলটোৱে বোজা বহন কৰিবলগীয়া হ’ব পাৰে। এই প্ৰতিবেদনৰ পিছত কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত মনোহৰ লাল খট্টৰে পদত্যাগ কৰে। যোৱা লোকসভা নিৰ্বাচনত নায়েব সিং ছৈনী কুৰুক্ষেত্ৰৰ পৰা বিজেপি সাংসদ নিৰ্বাচিত হৈছিল। তেওঁ হাৰিয়ানা বিজেপিৰ সভাপতি। OBC সম্প্ৰদায়ৰ অন্তৰ্গত। তেওঁক মনোহৰ লাল খট্টৰৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। সূত্ৰ অনুসৰি নায়েব সিং ছৈনীৰ নাম মনোহৰ লাল খট্টৰৰ সন্মতিসাপেক্ষেহে সিদ্ধান্ত লোৱা হৈছে।

You might also like