নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহৰুৰ ভুলৰ বাবেই পিঅ’কেৰ সৃষ্টি : অমিত শ্বাহ

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে। তেওঁ কয় যে নেহৰুৰ ভুলৰ বাবেই পাক অধিকৃত কাশ্মীৰ (PoK)ৰ সৃষ্টি হৈছে। অমিত শ্বাহে কয় যে পণ্ডিত নেহৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত দুটা ডাঙৰ ভুল হৈছিল, যাৰ বাবে কাশ্মীৰে বছৰ বছৰ ধৰি কষ্ট ভোগ কৰিবলগীয়া হৈছিল। আমাৰ সেনাই যেতিয়া জয়ী হৈছিল তেতিয়া পঞ্জাব অঞ্চলত উপনীত হোৱাৰ লগে লগে যুদ্ধবিৰতি জাৰি কৰা হৈছিল আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ জন্ম হৈছিল। তেওঁ কয় যে যদি যুদ্ধবিৰতি তিনি দিন পিছুৱাই দিয়া হ’লহেঁতেন তেন্তে আজি পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) ভাৰতৰ অংশ হ’লহেঁতেন। আমাৰ বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ যোৱা হ’ল, যিটো এটা ডাঙৰ ভুল। অমিত শ্বাহৰ এই বক্তব্যৰ ওপৰত কংগ্ৰেছৰ সাংসদসকলে তীব্ৰ আপত্তি প্ৰকাশ কৰি সদনত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। এই সন্দৰ্ভত অমিত শ্বাহে কৈছিল যে যদি খং কৰিব লাগে তেন্তে মোৰ ওপৰত নহয় নেহৰুৰ ওপৰত খং কৰক। ইয়াৰ পিছতে লোকসভাৰ পৰা ওলাই আহিল কংগ্ৰেছৰ সাংসদ। ইয়াৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ চৰকাৰৰ বহু কৃতিত্বৰ কথা উল্লেখ কৰে। তেওঁ কয়, “মোদী নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত জম্মু-কাশ্মীৰত অভূতপূৰ্ব পৰিৱৰ্তন দেখা গ’ল। জম্মু-কাশ্মীৰৰ সকলো ব্যক্তিৰ চিকিৎসাৰ খৰচ ৫ লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে বহন কৰে। এতিয়া ১০০খনতকৈও অধিক ছবি প্ৰদৰ্শন কৰা হৈছে। শ্বুটিং চলি আছে আৰু ১০০টাতকৈও অধিক চিনেমা হলৰ বাবে বেংক ঋণৰ প্ৰস্তাৱ প্ৰক্ৰিয়া চলি আছে।”

#বাৰ্তা ডেস্ক

You might also like