চৰকাৰ ভাঙিবলৈ পদত্যাগী বিধায়কৰ বিৰুদ্ধে নাথাকিব কোনো ব্যৱস্থা
বিশেষ বাৰ্তা, ৮ মেঃ চৰকাৰক উৎখাত কৰিবলৈ পদত্যাগ কৰা বিধায়কসকলক ৫ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন নাকচ কৰে ন্যায়ালয়ে। এই আবেদন দাখিল কৰিছিল মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জয়া ঠাকুৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বিধায়ক হিচাপে নিৰ্বাচিত হ’বলৈ ১৯১ নং দফাত অযোগ্যতা প্ৰদান কৰা হৈছে। আমি আমাৰ ফালৰ পৰা নতুন নিয়ম এটা বনাব নোৱাৰোঁ। মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জয়া ঠাকুৰে এই বিষয়টো কেইবাবাৰো উত্থাপন কৰিছে। ২০২১ চনত চৰকাৰ উৎখাত কৰাৰ লক্ষ্যৰে পদত্যাগ কৰা বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জয়াই আদালতত আবেদন দাখিল কৰিছিল। আদালতে পূৰ্বে কৈছিল যে এই গোচৰৰ সৈতে জড়িত বিষয়টো সংবিধানৰ ১৯১(১)(ই) অনুচ্ছেদৰ ব্যাখ্যাৰ সৈতে জড়িত। ৩২৪ অনুচ্ছেদৰ অধীনত নিৰ্বাচন আয়োগৰ কাৰ্যভাৰ আৰু নিৰ্বাচন পৰিচালনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। দৰাচলতে জয়া ঠাকুৰে ভাৰতীয় সংবিধানৰ ১৯১ (১) (ঙ) অনুচ্ছেদ আৰু দশম অনুসূচী উলংঘা কৰাৰ বাবে বিধায়ক আৰু সাংসদসকলক পাঁচ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে। যিসকল সাংসদ/বিধায়কে নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলৰ পৰা পদত্যাগ কৰি আসন খালী কৰে বা উপ-নিৰ্বাচনত আন দলৰ প্ৰাৰ্থী হয়, সেইসকল সাংসদ/বিধায়কে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন হৈছে। জ্যোতিৰাদিত্য সিন্ধিয়া আৰু তেওঁৰ সৈতে ২২জন কংগ্ৰেছ বিধায়কে পদত্যাগ কৰাৰ পিছত সংখ্যালঘু চৰকাৰৰ মুৰব্বী কমল নাথে ২০ মাৰ্চ ২০২০ত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ১৫ বছৰৰ পাছত ৰাজ্যত পুনৰ ক্ষমতালৈ অহা কংগ্ৰেছ চৰকাৰ ১৫ মাহৰ ভিতৰতে পতিত হয়। ইয়াৰ পিছত এই আবেদন দাখিল কৰা হয়।