চিকিৎসকৰ দায়িত্বজ্ঞানহীনতা : সমস্যা বাঁও চকুত অস্ত্রোপচাৰ সোঁ চকুৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ নৱেম্বৰঃ কণমানি শিশুটিৰ সমস্যা আছিল বাঁও চকুত৷ অস্ত্রোপচাৰ কৰিবলৈ ৭ বছৰৰ শিশুটিক হাস্পতাললৈ লৈ গৈছিল পিতৃ–মাতৃয়ে৷ কিন্তু বাঁও চকুৰ পৰিৱর্তে চিকিৎসকে অস্ত্রোপচাৰ কৰে সোঁ চকুটোত৷ চিকিৎসাৰ এনে বৃহৎ গাফিলতিৰ অভিযোগ উঠিছে গ্রেটাৰ নয়দাৰ এগৰাকী চিকিৎসক আৰু হাস্পতালৰ বিৰুদ্ধে৷ অভিযোগ দাখিল কৰা হৈছে আৰক্ষীৰ ওচৰত৷ শিশুটিৰ পিতৃ নীতিন ভাটিয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কেইদিনমান ধৰি তেওঁৰ পুত্রৰ বাঁও চকুত সমস্যাৰ সৃষ্টি হৈছে৷ সকলো সময়তে চকুৰ পৰা পানী ওলাই থাকে৷ গতিকে দেখাত সমস্যাৰ সৃষ্টি হৈছে৷ সেইবাবে শিশুটিক গ্রেটাৰ নয়দাৰ আনন্দ স্পেকট্রাম হাস্পতাললৈ লৈ যায় পিতৃয়ে৷ হাস্পতালখনৰ চিকিৎসক আনন্দ বার্মাই পৰীক্ষা কৰাৰ পাছত জনায় যে চকুত প্লাষ্টিক জাতীয় কিবা বস্তু সোমাই আছে৷ সেইবাবে অস্ত্রোপচাৰৰ প্রয়োজন৷ এই অস্ত্রোপচাৰৰ বাবে ৪৫ হাজাৰ টকা খৰচ হ’ব বুলিও চিকিৎসকে ভাটিক জনাই দিয়ে৷ সেই অনুসৰি হাস্পতালত শিশুটিক ভর্তি কৰা হয়৷ মঙলবাৰে শিশুটিৰ চকুৰ অস্ত্রোপচাৰ কৰা হয়৷ কিন্তু ঘৰলৈ ওভতাৰ পাছত শিশুটিৰ মাতৃয়ে লক্ষ্য কৰে পুত্রৰ সোঁ চকুতহে বেণ্ডেজ আছে৷ অর্থাৎ চিকিৎসকে ভুলকৈ সোঁ চকুৰ অস্ত্রোপচাৰ কৰিছে৷