ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাব দেৰ সদস্যক সাক্ষাৎ এনএছএৰ পৰামৰ্শদাতাৰ
বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(এন এছ এ)ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি হোৱা ৱাৰিছ পঞ্জাৱ দে ৯জন সদস্যৰ গোচৰ পুনৰীক্ষণৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গঠন কৰা পৰামৰ্শদাতা ব’ৰ্ডৰ পাঁচজনীয়া এটা বিশেষ দল আজি ডিব্ৰুগড়ত উপস্থিত হয়।সূত্ৰৰ পৰা জানিব পৰা মতে, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ববিহুল হাছনেইন (অধ্যক্ষ)ৰ নেতৃত্বত গঠিত দলটোৱে ৱাৰিছ পঞ্জাৱ দে সদস্যসকলক সাক্ষাৎ কৰিবলৈ বিয়লি ৩.৩০ বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয়।উক্ত দলটোত সুবীৰ শেওকন্দ (সদস্য), দিবংশু জৈন (সদস্য), ৰাকেশ আগৰৱাল, আই জি পি পঞ্জাৱ আৰক্ষী আৰু ৰূপিন্দৰ কৌৰ ভট্টি, পঞ্জাৱ আৰক্ষীৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে। সন্ধিয়া ৬.৪৫ বজাত কাৰাগাৰৰ বিষয়া আৰু অন্যান্য চৰকাৰী বিষয়াৰ সৈতে বৈঠক মিলিত হৈ কাৰাগাৰ চৌহদৰ পৰা ওলাই আহে।এন এছ এৰ অধীনত গঠন কৰা পৰামৰ্শদাতা ব’ৰ্ডক কাৰাবন্দী হৈ থকা ৱাৰিছ পাঞ্জাৱ দেৰ সদস্য সকলক চৰকাৰে আগবঢ়োৱা সকলো সামগ্ৰী পৰীক্ষা কৰাৰ লগতে খাদ্যবস্তৰো হিচাপ সংগ্ৰহ কৰা বুলি প্ৰকাশ।আনহাতে সংশ্লিষ্ট ব্যক্তি কেইজনৰ প্ৰতিবেদন আটক কৰাৰ তাৰিখৰ পৰা সাত সপ্তাহৰ ভিতৰত ব’ৰ্ডে চৰকাৰে দাখিল কৰিব লাগিব বুলিও জানিব পৰা গৈছে।বৰ্তমান ৱাৰিছ পঞ্জাৱ ডেৰ ৯ জন সদস্য – দলজিৎ সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, ৱৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং, বসন্ত সিং আৰু গুৰিন্দৰপাল সিং আউজলা – ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি হৈ আছে।ইফালে ৱাৰিচ পাঞ্জাৱ দেৰ সদস্যৰ পৰিয়ালৰ লোকক, ডিব্ৰুগড় কাৰাগাৰত সাক্ষাৎ কৰাৰ অনুমতি অমৃতসৰৰ জিলা দণ্ডাধীশে প্ৰদান কৰিছে।সূত্ৰই জনোৱা মতে, কালি অৰ্থাৎ ২০ এপ্ৰিলত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা ৱাৰিছ পঞ্জাৱ দেৰ দুজন সদস্য দলজিৎ সিং কালসী আৰু পাপলপ্ৰীত সিঙক আত্মীয়ই সাক্ষাৎ কৰাৰ কথা।পঞ্জাৱত খেতি চপোৱাৰ বতৰৰ বাবে আন ৱাৰিছ পঞ্জাৱ দে সদস্যসকলৰ পৰিয়ালৰ লোক নাহিব পাৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে।ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত জ্যেষ্ঠ অধিবক্তা ভগৱন্ত সিং চিয়ালকাৰ নেতৃত্বত পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া অধিবক্তাৰ প্ৰতিনিধি দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা ৱাৰিছ পঞ্জাৱ দে সদস্যসকলক সাক্ষাৎ কৰে।ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা সমীৰ কুমাৰ টোডীৰ সহযোগত ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিং সিদ্ধু (ৱাৰিছ পঞ্জাৱ দেৰ প্ৰতিষ্ঠাপক তথা প্ৰয়াত দীপ সিদ্ধুৰ কনিষ্ঠ ভাতৃ) আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা সমীৰ কুমাৰ টোডীৰ সহযোগত ৰোহিত শৰ্মাৰে গঠিত অধিবক্তা দলটোৱে কয়দীসকলক সাক্ষাৎ কৰে।ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণে ডিব্ৰুগড় কাৰাগাৰত ৰখা ৱাৰিছ পঞ্জাৱ দে সদস্যসকলৰ আইনী সাহায্য অধিবক্তা হিচাপে সমীৰ কুমাৰ টোডীক নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে।
প্ৰেৰক বিভাস দুৱৰা