সংসদৰ চলিত অধিৱেশনতেই এক দেশ এক নির্বাচন বিধেয়ক উত্থাপন!
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ডিচেম্বৰঃ ‘এক দেশ এক নির্বাচন’ প্রস্তাৱত কেন্দ্রীয় মন্ত্রীসভাই অনুমোদন জনালে৷ মোদী মন্ত্রীসভাত গৃহীত হৈছে এই প্রস্তাৱ৷ সংসদৰ চলিত অধিৱেশনতে ‘এক দেশ এক নির্বাচন’ বিধেয়ক মোদী চৰকাৰে দাখিল কৰিব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ আনকি চৰকাৰৰ বিশ্বস্ত সূত্রই দাবী কৰিছে যে চলিত শীতকালীন অধিৱেশনতে সংসদত এই বিধেয়ক চৰকাৰে দাখিল কৰাৰ সম্ভাৱনা আছে৷ পূর্বে শুনা গৈছিল যে শীতকালীন অধিৱেশনত নহ’লেও পৰৱর্তী অধিৱেশনত এই বহুচর্চিত বিধেয়কখন সংসদত দাখিল কৰিব মোদী চৰকাৰে৷ স্মর্তব্য যে চলিত বছৰত লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত ‘এক দেশ এক নির্বাচন’ৰ বিষয়টোক লৈ মন্তব্য কৰিছিল মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীয়্ কৈছিল যে সঘনে হৈ থকা নির্বাচনৰ ফলত দেশৰ উন্নয়নমূলক কামত সৃষ্টি হয় বাধা৷ মোদীৰ দাবী আছিল যে সমগ্র দেশে ‘এক দেশ এক নির্বাচন’ প্রক্রিয়াক সমর্থন কৰিছে৷ সকলো ৰাজনৈতিক দলে এই বিষয়টোক সমর্থন জনোৱা উচিত বুলি ভাষণত উল্লেখ কৰিছিল মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীৰ্ এই ভাষণৰ পিছতে চর্চা চলিছিল যে এনডিএ চৰকাৰৰ চলিত কার্যকালতে কার্যকৰী হ’ব ‘এক দেশ এক নির্বাচন’ৰ বিধি৷ চৰকাৰে সঘনে এই বিষয়টোত যুক্তি দর্শাই আহিছে যে ‘এক দেশ এক নির্বাচন’ ব্যৱস্থা বলৱৎ হ’লে নির্বাচনত যি বিপুল অংকৰ ধনৰ খৰচ হৈ থাকে, সেয়া যথেষ্ট হ্রাস পাব৷ স্মর্তব্য যে ‘এক দেশ এক নির্বাচন’ৰ বাস্তৱতাক বিচাৰ কৰি চাবলৈ প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল কেন্দ্রীয় চৰকাৰে৷ যোৱা মার্চ মাহত সেই কমিটীয়ে ৰাষ্ট্রপতি ভৱনলৈ গৈ দ্রৌপদী মুর্মুৰ ওচৰত প্রতিবেদন জমা দিয়ে৷ এই প্রতিবেদনত ‘এক দেশ এক নির্বাচন’ৰ পক্ষত সন্মতি প্রকাশ কৰা হৈছে৷ অৱশ্যে বিৰোধী দলসমূহে আৰম্ভণিৰে পৰা ‘এক দেশ এক নির্বাচন’ৰ বিৰোধিতা কৰি আহিছে৷ বিৰোধী নেতাসকলে অভিযোগ কৰিছে যে এই নীতিৰে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ দৰে ব্যৱস্থা দেশত বলৱৎ কৰিব বিচাৰিছে মোদী চৰকাৰে৷ এনে ব্যৱস্থা যুক্তৰাষ্ট্রীয় গাঁথনি আৰু সংসদীয় গণতন্ত্রৰ পৰিপন্থী বুুলি যুক্তি দর্শাই আহিছে বিৰোধী নেতাসকলে৷ লক্ষণীয়ভাৱে ৰামনাথ কোৱিন্দ নেতৃত্বাধীন কমিটীয়ে লোকসভা আৰু বিধানসভা নির্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ প্রস্তাৱ আগবঢ়াইছে প্রতিবেদনত৷ আনকি পঞ্চায়ত আৰু পৌৰ নির্বাচনৰ দৰে আঞ্চলিক নির্বাচনসমূহো একেই সময়তে অনুষ্ঠিত কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ বিৰোধী দলসমূহে পূর্বৰে পৰা এইক্ষেত্রত আপত্তি দর্শাই আহিছে৷ আজি কেন্দ্রীয় মন্ত্রীসভাই এই প্রস্তাৱত অনুমোদন জনোৱাৰ লগে লগে ইয়াৰ বিৰোধ কৰিছে কংগ্রেছ, তৃণমূল কংগ্রেছ (টিএমচি), চিপিআই(এম)সহ বিভিন্ন বিৰোধী দলে৷ টিএমচি নেত্রী মমতা বেনার্জীয়ে মন্তব্য কৰিছে যে ‘এক দেশ এক নির্বাচন’ বিধেয়ক অসাংবিধানিক আৰু যুক্তৰাষ্ট্রীয় গাঁথনিৰ পৰিপন্থী৷ বিৰোধী নেতৃত্বৰ লগতে বিশেষজ্ঞসকলে এই নির্বাচন ব্যৱস্থাক লৈ উদ্বেগ প্রকাশ কৰা সত্ত্বেও কেন্দ্রই তাক গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে বেনার্জীয়ে৷ ইফালে কংগ্রেছ আৰু চিপিআই(এম)ৰ তৰফৰ পৰাও এই বিধেয়ক অসাংবিধানিক হ’ব বুলি মন্তব্য কৰিছে৷ স্মর্তব্য যে এই বিধেয়কখনক লৈ বিভিন্ন ধৰণৰ চর্চা চলিব পাৰে বুলি ধাৰণা কৰি আগতীয়া পৰিকল্পনা লৈছে কেন্দ্রীয় চৰকাৰে৷ ইয়াকে লৈ আলোচনাৰ পথ মুকলি ৰাখিব বিচাৰিছে মোদী চৰকাৰে৷ ‘এক দেশ এক নির্বাচন’ বিধেয়ক পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ যৌথ সংসদীয় কমিটীলৈ বিধেয়কখন প্রেৰণ কৰাৰ কথাও ভাবিছে চৰকাৰে৷