বাটে-পথে মাথোঁ টকাৰ বেগ, তালাচীত ৩ কোটি নগদ ধন উদ্ধাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বাজিছে। কালি প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনী ৰণশিঙা বজায়। ২০ নৱেম্বৰত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত নিৰ্বাচনৰ ঘোষণাৰ সমান্তৰালকৈ ৰাজ্যখনতো বলৱৎ হৈছে আচৰণ বিধি। ইয়াৰ পিছত সকলো তদন্তকাৰী সংস্থা আৰু আৰক্ষীয়ে ৰাজ্যত ঘটি থকা প্ৰতিটো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইফালে, পৰীক্ষাৰ সময়ত আৰক্ষীয়ে পালঘৰৰ এখন বাহনৰ পৰা তিনি কোটিৰো অধিক নগদ ধন উদ্ধাৰ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, পালঘৰৰ ৱাডা পালি মাৰ্গৰ পৰা বিক্ৰমগড় অভিমুখে আহি থকা গাড়ী এখন ৰখাই চালকজনক জেৰা কৰা হয়। তদন্তৰ সময়ত গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৩ কোটি ৭০ লাখ টকা। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইফালে মুম্বাইত ২ কোটিৰো অধিক নগদ ধনেৰে ১২জন লোককো আটক কৰিছে। তথ্য অনুসৰি এল টি মাৰ্গ থানাই একাংশ লোকে অবৈধভাৱে বৃহৎ পৰিমাণৰ নগদ ধন কঢ়িয়াই নিয়াৰ চোৰাংচোৱাগিৰি লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ কাৰ্যত লিপ্ত হয় আৰু মহানগৰীৰ কলবাদেৱীৰ ভূলেশ্বৰ মাৰ্কেটৰ পৰা সন্দেহযুক্তভাৱে ১২জন লোকক আটক কৰে। ইয়াৰ পিছত প্ৰথমে সন্দেহযুক্ত লোককেইজনক সোধা-পোছাৰ বাবে মুম্বাদেৱী আৰক্ষী চকীলৈ লৈ যোৱা হয়, তাৰ পিছতে ন’ডেল বিষয়াৰ নেতৃত্বত ১৮৬-মুম্বাদেৱী বিধানসভা সমষ্টিৰ ফ্লাইং স্কোয়াড টিম (এফ এছ টি)ক ততাতৈয়াকৈ খবৰ দিয়া হয়। বিষয়টোৰ তথ্য পোৱাৰ লগে লগে দলটোৱে ফটোগ্ৰাফাৰৰ সৈতে সেই স্থানত উপস্থিত হৈ অভিযানটো ৰেকৰ্ডিং কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰি আটক কৰা লোকসকলৰ তালাচী আৰম্ভ কৰে। এই সময়ছোৱাত আৰক্ষীয়ে বেগৰ পৰা ২ কোটি ৩০ লাখতকৈ অধিক টকা উদ্ধাৰ কৰে।