নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুৰ হিন্দীবিৰোধী আন্দোলনক সমালোচনা পৱন কল্যাণৰ

নিউজ ডেস্ক, ১৫ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনিটা ভাষিক সূত্ৰক লৈ তামিলনাডুত অব্যাহত আছে হুলস্থুল। প্ৰতিদিনে হিন্দীৰ বিৰুদ্ধে ৰাজ্যৰ পৰা কোনোবা নহয় কোনোবা এটা বক্তব্য আহিছে। হিন্দীবিৰোধী আন্দোলনৰ নেতৃত্ব নিজেই লৈছে মুখ্যমন্ত্ৰী ষ্টেলিনে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে তামিলনাডুৰ ওপৰত হিন্দী জাপি দিয়াৰ অভিযোগ তেওঁ অহৰহ উত্থাপন কৰি আহিছে। তামিলনাডুৰ হিন্দীবিৰোধী আন্দোলনে ইমানেই গতি কৰিছে যে শেহতীয়াকৈ বাজেটৰ ল’গ’ৰ পৰা টকাৰ দেৱনাগৰী প্ৰতীক আঁতৰাই তাৰ ঠাইত তামিল আখৰ দিয়া হৈছে।

ষ্টেলিনক তীব্ৰ ককৰ্থনা পৱন কল্যাণৰ
তামিলনাডুত হিন্দীক লৈ চলি থকা যুদ্ধৰ মাজতে এতিয়া অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে মন্তব্য কৰিছে। এই বিষয়ত তামিলনাডু চৰকাৰৰ মনোভাৱক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। তেলুগু অভিনেতা তথা এন ডি এৰ মিত্ৰ জনসেনাৰ মুৰব্বী পৱন কল্যানে কয়, ‘তামিলনাডু ৰাজ্যই কিয় হিন্দীক নাকচ কৰে? আনহাতে উত্তৰ প্ৰদেশ, বিহাৰ আৰু ছত্তিশগড়ৰ দৰে হিন্দীভাষী অঞ্চলৰ মানুহে তামিল ছবি ইমানেই ভাল পায়। হিন্দীত ডাব কৰা তামিল চিনেমা চায়। তেওঁ কয় যে যিকোনো ভাষাৰ প্ৰতি শত্ৰুতাপূৰ্ণ মনোভাৱ থকাটো একেবাৰে মূৰ্খামি। পৱন কল্যানে নিজৰ সমষ্টি ‘পিঠাপুৰম’ত নিজৰ দল ‘জনসেনা’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সভাত ভাষণ দিছিল। এই সময়ত তেওঁ কয় যে মুছলমানসকলে আৰবী বা উৰ্দু ভাষাত নামাজ পঢ়া, সংস্কৃত মন্ত্ৰৰে মন্দিৰত পূজা কৰা হয়, এই নামাজবোৰ তামিল বা তেলুগু ভাষাত পঢ়া উচিত নেকি?

‘উত্তৰ-দক্ষিণ বিভাজনৰ সৃষ্টি নকৰিব’
ডি এম কে নেতাসকলৰ হিন্দীবিৰোধী স্থিতিক সমালোচনা কৰি পৱন কল্যানে কয় যে এইবোৰ সঁচাকৈয়ে বিভ্ৰান্তিকৰ কথা। তেওঁ ৰাইজক উত্তৰ-দক্ষিণ বিভাজনৰ বাহিৰলৈ গৈ ঐক্য আৰু অখণ্ডতাক গুৰুত্ব দিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে কিবা এটা ভাঙিবলৈ সহজ যদিও পুনৰ একেলগে ৰখাটো অতি কঠিন। তেওঁ জনসাধাৰণক দেশৰ স্বাৰ্থত কাম কৰা ৰাজনৈতিক দল বাছি ল’বলৈ পৰামৰ্শ দিয়ে।

You might also like