নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিগ্ৰস্তক বচাবলৈ বিৰোধী একত্ৰিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰঃ সম্প্ৰতি কেৰালা ভ্ৰমণত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণতে আজি মোদীয়ে আজি কেৰালাৰ কোচিৰ পৰা বিৰোধী দলসমূহক তীব্ৰ আক্ৰমণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণত কোচিত বিজেপি কৰ্মীসকলে তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে কোচিবাসীক সম্বোধন কৰি বিৰোধী দলক আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ বিৰোধীক লক্ষ্য কৰি কয় যে দুৰ্নীতিগ্ৰস্তক বচাবলৈ বিৰোধী দলসমূহ একত্ৰিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দ্ৰুত উন্নয়নৰ পথ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈছে দুৰ্নীতি। মই ১৫ আগষ্টত কৈছিলোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ সময় আহি পৰিছে, কিন্তু আমি এইটোও দেখিবলৈ পাইছো যে দুৰ্নীতিগ্ৰস্তসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে দেশৰ ৰাজনীতিতো এক নতুন মেৰুকৰণ আৰম্ভ হৈছে। দুৰ্নীতি আৰু দুৰ্নীতিগ্ৰস্ত লোকক সুৰক্ষা দিবলৈ একাংশ ৰাজনৈতিক দল মুকলিকৈ আগবাঢ়ি আহিছে। সংগঠিত হ’বলৈ চেষ্টা কৰা দেখা গৈছে। দেশ আৰু কেৰেলাৰ জনসাধাৰণে তেওঁলোকৰ বিৰুদ্ধে অহৰহ সজাগ হৈ থাকিব লগা হৈছে। লগতে তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিৰোধী সংগঠিত হোৱাৰ চেষ্টা দেখিবলৈ পোৱা গৈছে। মোদীয়ে কয় যে ওনাম উপলক্ষে কেৰালালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনামৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বাধীনতাৰ অমৃতকাল হৈছে ভাৰতক এখন উন্নত জাতি হিচাপে গঢ়ি তোলাৰ সংকল্পৰ ওপৰত কাম কৰা আৰু ইয়াত কেৰেলাৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ ভূমিকা অতি ডাঙৰ। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ মন্ত্ৰত খোজ কাঢ়ি বিজেপি চৰকাৰে ডাঙৰ ডাঙৰ সংকল্পক কৃতিত্বলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ চৰকাৰে দেশৰ প্ৰতিজন দৰিদ্ৰ লোকক ঘৰ দিয়াৰ বাবে এক অভিযান চলাই আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেৰালাৰ দৰিদ্ৰ লোকৰ বাবে প্ৰায় দুই লাখ পকী গৃহৰ অনুমোদন দিয়া হৈছে। মই সুখী যে ইয়াৰে ১ লাখ ৩০ হাজাৰতকৈ অধিক ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। স্বাস্থ্য সেৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয়, “আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাতে অন্ততঃ এখনকৈ চিকিৎসা মহাবিদ্যালয় খুলিবলৈ সক্ষম হৈছে। এই অভিযানে কেৰালাৰ যুৱক-যুৱতী আৰু ইয়াত নাৰ্চিং পঢ়া কন্যাসকল বহুখিনি উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰ থকা ৰাজ্যসমূহত দ্ৰুত বিকাশ ঘটিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৰালাৰ প্ৰতিখন গাঁৱত দ্ৰুত ইণ্টাৰনেট আছে, ইয়াৰ বাবে তেওঁৰ চৰকাৰে অবিৰতভাৱে কাম কৰি আছে। তেওঁ কয় যে কেৰালাৰ প্ৰতিখন গাঁও পঞ্চায়ত অপটিকেল ফাইবাৰেৰে সংযোগ কৰা হৈছে। সমগ্ৰ দেশতে ৰাজ্যসমূহত যতেই বিজেপি চৰকাৰ আছে, তাতেই দ্ৰুত বিকাশ ঘটিছে। লগতে প্ৰধানমন্ত্ৰীয়ে কয়, “এই সংকটৰ সময়ত ভাৰতে নিজৰ কঠিন নীতি আৰু সিদ্ধান্তৰ বাবেই বিশ্বৰ স্থিতিশীলতা আৰু উন্নয়নৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।” কালি ওলোৱা জিডিপিৰ পৰিসংখ্যাই ভাৰতৰ দ্ৰুত বৃদ্ধি আৰু বৃদ্ধি পোৱা কৰ্মসংস্থাপনৰ সুযোগ দেখুৱাইছে। জি এছ টিৰ পৰিসংখ্যায়ো বিগত কেইমাহমানৰ পৰা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইফালে কালি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও পাটনাত উপস্থিত হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি মহাজোঁটবন্ধনৰ অন্যান্য নেতাসকলক সাক্ষাৎ কৰে। অৱশ্যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্বৰ প্ৰশ্ন সন্দৰ্ভত কেচিআৰে সাংবাদিকৰ আগত কয় যে সময় আহিলে সিদ্ধান্ত লোৱা হ’ব। একে সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কলকাতাত এখন জনসভাত বিৰোধী দলসমূহৰ সৈতে ঐক্যবদ্ধতাৰ আহ্বান জনাইছে। শাৰদ পাৱাৰে ইতিমধ্যে বিৰোধী দলসমূহক একত্ৰিত হ’বলৈ অনুৰোধ কৰি আহিছে। ২০২৪ চনৰ কৌশল সন্দৰ্ভত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰা নাই যদিও কেন্দ্ৰত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে বিৰোধীৰ ঐক্যবদ্ধ প্ৰচাৰৰ অংশীদাৰ হ’ব পাৰে বুলি জল্পনা-কল্পনা চলি আছে।

You might also like