নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ ৰাজনীতি : ক্ষমতা অক্ষত ৰাখিবলৈ ঐক্যবদ্ধ শাসকীয় কংগ্ৰেছ

বিশেষ বাৰ্তা, ৬ জুনঃ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি কংগ্ৰেছৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী অশোক গেহলট, কংগ্ৰেছ নেতা শচীন পাইলট, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু দলৰ ৰাজ্যিক প্ৰভাৰী সুখজিন্দৰ ৰান্ধৱাকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ সময়ত পাইলটে কয় যে আমাৰ সকলোৰে মাত্ৰ এটা গোট আছে, সেয়া হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে গোট। একে সময়তে শীৰ্ষ নেতাসকলে গেহলট চৰকাৰক প্ৰশংসা কৰে যদিও দলিত অত্যাচাৰৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল’বলৈও কয়। ৰাজ্য কংগ্ৰেছৰ সকলো নেতাই কয় যে হাইকমাণ্ডে যি সিদ্ধান্ত ল’ব সেয়া মানি লোৱা হ’ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈঠকৰ অন্তত ফেচবুক পোষ্টযোগে কয় যে তেওঁ খাৰ্গেৰ নেতৃত্বত ৰাজস্থান কংগ্ৰেছৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈছিল। কংগ্ৰেছে পুনৰ ৰাজস্থানত চৰকাৰ গঠন কৰিব আৰু জনসাধাৰণৰ উন্নত ভৱিষ্যতৰ বাবে কাম কৰি যাব বুলি দাবী কৰে। বৈঠকৰ অন্তত কে চি বেণুগোপালে কয় যে, সভাত মুখ্যমন্ত্ৰী আৰু পিচিচিৰ মুৰব্বীকে ধৰি ৰাজস্থান কংগ্ৰেছৰ ২৯জন নেতাই অংশগ্ৰহণ কৰে। সকলো নেতাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে কংগ্ৰেছে ৰাজস্থানৰ নিৰ্বাচনত জয়ী হ’ব পাৰে। যদিহে ৰাজস্থান কংগ্ৰেছত ঐক্য থাকে। আজি সকলো নেতাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে প্ৰাৰ্থীসকলক তেওঁলোকৰ জয়ী হোৱাৰ ক্ষমতাৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব প্ৰাৰ্থীৰ তালিকা। তেওঁ কয় যে দলটোৱে সিদ্ধান্ত লৈছে যে সকলোৱে অনুশাসন মানি চলিব লাগিব। ইয়াৰ অধীনত দলৰ ভিতৰত যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। দলৰ বাহিৰত দলৰ আভ্যন্তৰীণ ৰাজনীতিৰ কথা কোৱাৰ স্বাধীনতা কাৰো নাই। কোনোবাই যদি এনে কৰে তেন্তে ব্যৱস্থা লোৱা হ’ব। পূৰ্বতে গেহলট আৰু পাইলটৰ মাজত তীব্ৰ বাক্যবাণ চলি থকাৰ সময়ত তেওঁ এই কথা কৈছে। খাৰ্গেই টুইটযোগে কয় যে কংগ্ৰেছ দলে ৰাজস্থানত ঘৰে ঘৰে সৰ্বাংগীণ উন্নয়ন আৰু জনকল্যাণৰ আঁচনি গ্ৰহণ কৰিছে। ৰাজস্থানৰ প্ৰতিটো শ্ৰেণী- কৃষক, খেতিপথাৰ, শ্ৰমিক, যুৱক-যুৱতী, মহিলা আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে কংগ্ৰেছ দলৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছে। আমি সকলোৰে আকাংক্ষাৰ যত্ন লম। ৰাজস্থানৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটা কংগ্ৰেছৰ হাতত সুৰক্ষিত। এইবাৰ ইতিহাস সলনি হ’ব। এই বৈঠকক মুখ্যমন্ত্রী অশোক গেহলট আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী শচীন পাইলটৰ মাজত হোৱা বিবাদ নিষ্পত্তিৰ প্রয়াস হিচাপেও গণ্য কৰা হৈছে, কাৰণ পাইলটে ‘জন সংঘর্ষ যাত্ৰা’ৰ সময়ত ৰাজ্য চৰকাৰৰ সন্মুখত তিনিটা দাবী উত্থাপন কৰিছিল৷ ৰাজস্থান লোকসেৱা আয়োগৰ পুনৰ গঠন (আৰ পি এছ চি), চৰকাৰী পৰীক্ষাৰ কাগজ ফাদিল হোৱাৰ ফলত ক্ষতিগ্ৰস্ত যুৱক-যুৱতীসকলক ক্ষতিপূৰণ, আৰু পূৰ্বৰ বসুন্ধৰা ৰাজে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত। গেহলট আৰু পাইলটৰ বিবাদ নিষ্পত্তিৰ বাবে কংগ্ৰেছ নেতৃত্বই দুয়োজন নেতাৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে। শেহতীয়াকৈ খাৰ্গে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ মাৰাথন বৈঠকৰ পিছত কংগ্ৰেছে কৈছিল যে দুয়োজন নেতাই ঐক্যবদ্ধভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সন্মত হৈছে। হাইকমাণ্ডে তেওঁলোকৰ মাজৰ সমস্যা সমাধান কৰিব।

You might also like