নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনোত্তৰ হিতাধিকাৰীমূলক আঁচনিৰ বিজ্ঞাপন বন্ধৰ নির্দেশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : প্রলোভনৰ ৰাজনীতিক লৈ কঠোৰ দেশৰ নির্বাচন আয়োগ৷ লোকসভা নির্বাচন চলি থকাৰ মাজতে একাংশ ৰাজনৈতিক দলে নির্বাচনোত্তৰ হিতাধিকাৰীমূলক আঁচনিৰ বাবে বিজ্ঞাপন, সমীক্ষা অথবা এপৰ জৰিয়তে ভোটাৰৰ পঞ্জীয়ন তৎকালীনভাৱে বন্ধ কৰিবলৈ ৰাজনৈতিক দলসমূহক নির্দেশ দিছে নির্বাচন আয়োগে৷ নির্বাচন আয়োগে সকলো ৰাষ্ট্রীয় আৰু আঞ্চলিক দললৈ প্রলোভনৰ ৰাজনীতিৰ কার্যকলাপ বন্ধ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ নির্বাচনী প্রক্রিয়া চলি থকাৰ মাজতে দলে নির্বাচনৰ পিছত হিতাধিকাৰীমূলক আঁচনি প্রদান কৰাৰ প্রলোভন দেখুৱাই বিজ্ঞাপন প্রকাশ কৰাই নহয়, সমীক্ষা আৰু এপৰ জৰিয়তে ভোটাৰৰ নাম পঞ্জীয়ন কৰি আছে৷ ৰাজনৈতিক দলসমূহৰ এনে কার্যই ভোটাৰ আৰু প্রতিশ্রুতিমূলক লাভালাভৰ মাজত একধৰণৰ লেনদেনৰ সম্পর্ক গঢ়ি উঠে৷ এই কাৰণেই নির্বাচনী প্রক্রিয়াৰ সংহতিত আপোচ কৰাৰ দৰে হয়৷ ভোটাৰক প্রলোভন কৰাটো যিহেতুকে নির্বাচনী প্রক্রিয়াৰ বিধি উলংঘন কৰা হয়, সেই হেতুকে কোনো কোনো ৰাজনৈতিক দলে প্রলোভনৰ ৰাজনীতিৰে হিতাধিকাৰীমূলক আঁচনিৰ বিজ্ঞাপন, সমীক্ষা অথবা এপৰ জৰিয়তে ভোটাৰৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিব৷ এই সন্দর্ভত কঠোৰ নির্বাচন আয়োগে সকলো জিলা নির্বাচনী বিষয়াক ৰাজনৈতিক দলসমূহৰ উল্লিখিত ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

You might also like