কাৰাগাৰত ভৰাই থওক, কিন্তু ঘৰলৈ উভতি যাব নক’ব
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ ‘নির্যাতন’–এ নাৰী–পুৰুষ বিচাৰ নকৰে৷ নির্যাতনে বিচাৰে কেৱল চিকাৰ৷ পৰিস্থিতি আৰু লিংগ ভেদে ইয়াৰ ৰূপ সলনি হয় মাত্র৷ পত্নীৰ হাতত নির্যাতিত এনে এজন পুৰুষৰ কৰুণ ছবি ধৰা পৰিল বেংগালুৰুত৷ ঘৰৰ পৰা পলায়ন কৰিও ৰেহাই পোৱা নাই এই পুৰুষে৷ শেষত আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত নির্যাতিত পুৰুষজনে আৰক্ষীক অনুনয়–বিনয় কৰিছে যে প্রয়োজনত তেওঁক কাৰাগাৰত ভৰাই থ’ব লাগে, কিন্তু ঘৰলৈ উভতি যোৱাৰ অনুমতি দিব নালাগে৷ নির্যাতিত ব্যক্তিগৰাকীৰ এনে কৰুণ অৱস্থাৰ কথা শুনি স্বাভাৱিকতেই হতবাক হৈ পৰে আৰক্ষী বিষয়া৷ উত্তৰ বেংগালুৰুৰ বাসিন্দা এই পুৰুষজনে যোৱা ৪ আগষ্টত হঠাতে ঘৰৰ পৰা পলায়ন কৰে৷ ঘটনাৰ পাছত আৰক্ষীৰ ওচৰত তেওঁ সন্ধানহীন হোৱা বুলি লিখিতভাৱে জনায় পত্নীয়ে৷ পত্নীৰ আবেদনত উল্লেখ কৰা হয় যে এটিএমৰ পৰা টকা উলিয়াবলৈ গৈ তেওঁ ঘূৰি অহা নাই৷ ছ’চিয়েল মিডিয়াতো এই বিষয়টো লৈ পত্নীয়ে প্রচাৰ চলায়৷ ইয়াৰ পাছত আৰম্ভ হ’ল তালাচী অভিযান৷ নয়দাৰ পৰা সন্ধানহীন এই ব্যক্তিক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ইয়াৰ পাছতে আৰক্ষীৰ জেৰাত তেওঁ জানিবলৈ দিয়ে যে পত্নীৰ নির্যাতনৰ বাবে তেওঁ ঘৰৰ পৰা পলায়ন কৰিবলগীয়া হৈছে৷ উল্লেখনীয় যে নির্যাতিত পুৰুষজনে দাবী কৰা অনুসৰি তেওঁ পত্নীৰ দ্বিতীয় স্বামী৷ তিনি বছৰ পূর্বে এই মহিলাগৰাকীৰ সৈতে তেওঁৰ দেখা হৈছিল৷ বিচ্ছেদিত মহিলাগৰাকীৰ ১২ বছৰীয়া এটি কন্যা সন্তানো আছে৷ মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত এই পুৰুষজনৰ আৰম্ভ হয় নৰক যন্ত্রণা৷ কিন্তু পত্নীক তেওঁ এৰিবও পৰা নাই এই কাৰণে যে তেওঁৰ এটি ৮ মহীয়া কন্যা সন্তান আছে৷