মণিপুৰৰ পৰা ৰাহুলৰ ভাৰত ন্যায় যাত্ৰা : সামৰিব অসমৰ আঠ লোকসভা সমষ্টি
🟢ভাৰত জোড়োৰ পিছত ৰাহুলৰ ‘ভাৰত ন্যায় যাত্রা’
🟢ঠায়ে ঠায়ে পদযাত্রা-বাছ যাত্রা
🟢ৰাহুল গান্ধীৰ ন্যায় যাত্রাও ফেইল মাৰিব : মন্ত্রী জয়ন্তমল্ল বৰুৱা
বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ আৰম্ভ কৰিব ভাৰত ন্যায় যাত্রা৷ মণিপুৰৰ পৰা আৰম্ভ কৰিব এই কার্যসূচী৷ ১৪ জানুৱাৰীত কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে এই ভাৰত ন্যায় যাত্রা মণিপুৰৰ পৰা আৰম্ভ কৰিব৷ মণিপুৰৰ পৰা নাগালেণ্ড হৈ তেওঁ ১৭ জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিত উপস্থিত হ’ব৷ আমগুৰিৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট হৈ তেওঁ মাজুলীলৈ যাব৷ মাজুলীৰ পৰা ঢকুৱাখনা, লখিমপুৰ, বিহপুৰীয়া হৈ তেওঁ অৰুণাচল প্রদেশৰ ইটানগৰলৈ যাব৷ ইটানগৰৰ পৰা তেওঁ গহপুৰ, তেজপুৰ, কলিয়াবৰ, নগাঁও, গুৱাহাটী, হাজো, বৰপেটা, বঙাইগাঁও, চাপৰ, গৌৰীপুৰ হৈ বক্সিৰহাটত উপস্থিত হ’ব৷ অৱশ্যে এই সমস্ত ভ্রমণসূচীৰ স্থান ৪ জানুৱাৰীত এআইচিচিৰ বৈঠকত চূড়ান্ত হ’ব৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে চাৰি দিনৰ পৰা সাত দিন অসমত এই কার্যসূচী চলাব৷ প্রস্তাৱিত কার্যসূচী অনুসৰি তেওঁ যোৰহাট, কাজিৰঙা, লখিমপুৰ, শোণিতপুৰ, নগাঁও, গুৱাহাটী, বৰপেটা, ধুবুৰী লোকসভা স্পর্শ কৰাৰ লগতে ডিব্রুগড় আৰু কোকৰাঝাৰ লোকসভাও স্পর্শ কৰাৰ চেষ্টা চলাব৷ এই সকলো সূচী ৪ জানুৱাৰীৰ বৈঠকতহে চূড়ান্ত হ’ব বুলি সূত্রটোৱে স্পষ্ট কৰি দিয়ে৷ আনহাতে, ৰাহুল গান্ধীৰ এই কার্যসূচী ঠায়ে ঠায়ে পদব্রজে হ’ব যদিও মূলতঃ বাছযোগেই তেওঁ এই যাত্রা কৰিব৷ আসন্ন লোকসভা নির্বাচনক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে গ্রহণ কৰা এই কার্যসূচী নিঃসন্দেহে তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷
ৰাহুল গান্ধীৰ ন্যায় যাত্রাও ফেইল মাৰিব : মন্ত্রী জয়ন্তমল্ল বৰুৱা
কংগ্রেছ নেতা ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্রা কার্যসূচী ফেইল মাৰিব বুলি মন্তব্য কৰিছে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ উক্ত কার্যসূচী সম্পর্কত কটাক্ষ কৰি মন্ত্রী বৰুৱাই কয় যে তেওঁ জীৱনত ৰাহুল গান্ধীক ১৫-২০বাৰ মান বিভিন্ন কার্যসূচী লন্সিং কৰা দেখিছে৷ কিন্তু সকলোতে তেওঁ ফেইল মাৰিছে৷ এইবাৰো ফেইল মাৰিব৷ ৰাহুল গান্ধীয়ে যি কার্যসূচীয়েই নলওক কিয়, লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে সমাগত লোকসভা নির্বাচনত অসমত কংগ্রেছে চাৰে এঘাৰখন আসন লাভ কৰিবই৷ সেই লক্ষ্যৰেই বিজেপি দল যুঁজি আহিছে৷ ৰাজ্যখনৰ আঢ়ৈখন আসনতে কংগ্রেছৰ বাবে ক্রীম, মৌ, ঘিউ সকলো আছে বুলি উল্লেখ কৰি তাৰ বাবে সেই আঢ়ৈটা সমষ্টিৰ বিৰোধী উবুৰি খাই পৰিছে৷ কিন্তু বিজেপিয়ে লোকসভা নির্বাচনত সেই আঢ়ৈখন আসনো কাঢ়ি অনাৰ বাবে চেষ্টা চলাব বুলি মন্তব্য কৰে৷ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ নির্বাচনতো বিজেপিয়ে ১০০ শতাংশ জয়ৰ পর্যায়ত থকাৰ উল্লেখ কৰি মন্ত্রী বৰুৱাই কয় যে তাত কোনো বিৰোধী নাই৷ বিজেপিৰ টিকট নাপাই একাংশই নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁলোকৰ লগতেই বিজেপিৰ প্রতিদ্বন্দ্বিতা হ’ব৷