নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ দল দেখি খিৰিকীৰে দলিয়ালে ৫০০ৰ বাণ্ডিল

ওড়িশাৰ অভিযন্তাৰ ঘৰত নগদ দুই কোটি টকা

ভিজিলেঞ্চৰ দল  দেখি খিৰিকীৰে দলিয়ালে ৫০০ৰ বাণ্ডিল

নিউজ ডেস্ক, ৩১ মে’ : ওড়িশাৰ গ্রামোন্নয়ন বিভাগৰ অভিযন্তা এগৰাকীৰ বাসগৃহত ভিজিলেঞ্চে নগদ ২ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ দুর্নীতি আৰু উপার্জনৰ বহির্ভূত সম্পত্তিৰ অভিযোগত ভিজিলেঞ্চে গ্রামোন্নয়ন বিভাগৰ বৈকুণ্ঠনাথ সাৰাংগি নামৰ মুখ্য অভিযন্তাজনৰ ঘৰত অতর্কিতে অভিযান চলাই নগদ ধন ২ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে ভিজিলেঞ্চৰ দলে অভিযন্তাগৰাকীর বাসগৃহত প্রৱেশ কৰি অভিযান চলাই থাকোঁতেই খিৰিকীৰে ৫০০ টকীয়া নোট বাহিৰলৈ দলিয়াই দিছিল৷ খিৰিকীৰে ৫০০ টকীয়া নোটৰ বৰষুণ হোৱা দেখি ভিজিলেঞ্চৰ দলটোৱে ক্ষিপ্রতাৰে অভিযন্তাগৰাকীৰ বাসগৃহত সকলো স্থান তন্ন তন্নকৈ পৰীক্ষা কৰাত ৫০০ টকীয়া নোটৰ পাহাৰ প্রত্যক্ষ কৰে৷ ৫০০ টকীয়া বাণ্ডিলৰ এই নোটৰ পাহাৰত নগদ ২ কোটি টকা থকা বুলি ভিজিলেঞ্চৰ দলে প্রকাশ কৰিছে৷

ভিজিলেঞ্চৰ দলে মুখ্য অভিযন্তা সাৰাংগিৰ ভুবনেশ্বৰৰ ফ্লেটৰ পৰা প্রায় ১ কোটি টকা জব্দ কৰাৰ বিপৰীতে আংগুলস্থিত সাৰাংগিৰ বাসগৃহৰ পৰা ১.১ কোটি টকা জব্দ কৰে৷ উপার্জনতকৈ অধিক সম্পত্তিৰ গৰাকী মুখ্য অভিযন্তাজনে দুর্নীতি আৰু অনিয়মেৰে এই ধন উপার্জন কৰি আহিছে৷ আংগুলৰ ভিজিলেঞ্চৰ বিশেষ ন্যায়াধীশে দুর্নীতি আৰু উপার্জন বহির্ভূত সম্পত্তিৰ অভিযোগত মুখ্য অভিযন্তা সাৰাংগিৰ বিৰুদ্ধে অভিযান চলাবলৈ ৱাৰেণ্ট জাৰি কৰে৷

বিশেষ ন্যায়াধীশৰ ৱাৰেণ্টৰ ভিজিলেঞ্চৰ দলে সাৰংগিৰ পৈতৃক বাসগৃহত প্রথমে অভিযান চলাই আৰু ইয়াৰ সমান্তৰালকৈ ভুবনেশ্বৰত থকা ফ্লেটতো ভিজিলেঞ্চে অভিযান চলায়৷ এই অভিযানৰ সময়ত ভিজিলেঞ্চৰ দলটোৱে মুখ্য অভিযন্তাজনৰ পৈতৃক বাসগৃহ আৰু ভুবনেশ্বৰৰ ফ্লেটত নগদ ২ কোটি টকাৰ অধিক ধন উদ্ধাৰ কৰাৰ লগতে বহু বিনিয়োগৰ তথ্য লাভ কৰিছে৷ গ্রামোন্নয়ন বিভাগত দুর্নীতি আৰু অনিয়মৰ অন্যতম মুখ্য অভিযন্তা সাৰংগি৷

You might also like