নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনচিএৰ হাইপাৰফৰমেঞ্চ মনিটৰিং প্রগ্রামলৈ অসমৰ ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ২১ মে’ : অসমৰ তাৰকা ক্রিকেটাৰ ৰিয়ান পৰাগৰ বাবে সুখবৰ৷ চলিত আইপিএলত দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ বাবেই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ অধীনৰ এনচিএৰ হাইপাৰফৰমেঞ্চ মনিটৰিং প্রগ্রামলৈ নির্বাচিত হৈছে অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ৷ চলিত আইপিএলত ৰাজস্থান ৰয়েলছৰ তাৰকা খেলুৱৈ ৰিয়ান পৰাগে চাৰিটা অর্ধশতৰানসহ মুঠ ৫৩১ ৰান কৰি বিচিচিআইৰ নির্বাচকৰ লগতে দেশৰ ক্রিকেট বিশেষজ্ঞৰ দৃষ্টি আকর্ষণ কৰিছে৷ বিচিচিআইৰ অধীনৰ এনচিএৰ হাইপাৰফৰমেঞ্চ মনিটৰিং প্রগ্রামলৈ দেশৰ ৩০গৰাকী সফল ক্রিকেটাৰ নির্বাচিত হৈছে, য’ত উত্তৰ–পূর্বাঞ্চলৰ পৰা কেৱল ৰিয়ান পৰাগৰ নাম আছে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ খেল সমাপ্ত হোৱাৰ পিছতে ৰিয়ান পৰাগে বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীলৈ যাব আৰু তাত তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে অংশগ্রহণ কৰিব এনচিএৰ হাইপাৰফৰমেঞ্চ মনিটৰিং প্রগ্রামত৷ উল্লেখ্য যে এই প্রতিষ্ঠানৰ মুখ্য প্রশিক্ষক হ’ল টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা ক্রিকেটাৰ ভিভিএছ লক্ষ্মণ৷ ৰিয়ান পৰাগে এনচিএৰ হাইপাৰফৰমেঞ্চ মনিটৰিং প্রগ্রামলৈ নির্বাচিত হোৱা খবৰত উৎফুল্লিত হৈছে উত্তৰ–পূর্বাঞ্চলৰ লগতে অসমৰ ক্রীড়াপ্রেমী৷

You might also like