নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাৰা তেণ্ডুলকাৰক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ শচীন তেণ্ডুলকাৰৰ জীয়াৰী ছাৰা তেণ্ডুলকাৰ প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। লণ্ডনৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰিছে ছাৰাই। এই সন্দৰ্ভত বহু আগতেই শচীনেও ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এতিয়া ছাৰাই এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাইছে। তেওঁক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে। শচীনে নিজেই এই তথ্য ছচিয়েল মিডিয়াৰ জৰিয়তে দিছে। ছাৰাই পঢ়া-শুনা সম্পূৰ্ণ কৰি এই পদটো পাইছে। লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছে ছাৰাই। ক্লিনিকেল আৰু পাব্লিক হেল্থ নিউট্ৰিচনত ডিগ্ৰী লাভ কৰিছে। এইটো পুষ্টি আৰু খাদ্য বিজ্ঞানৰ সৈতে জড়িত বিষয়। ইয়াত পুষ্টিৰ সন্দৰ্ভত অধ্যয়ন প্ৰদান কৰা হয়। ছাৰাই লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। এতিয়া ছাৰাক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে। শচীনে নিজেই এই তথ্য অনুৰাগীক দিছিল। শচীনে X হেণ্ডেলত লিখিছে, “মোৰ কন্যা ছাৰা তেণ্ডুলকাৰে ‘শচীন টেণ্ডুলকাৰ ফাউণ্ডেচন’ত পৰিচালক হিচাপে যোগদান কৰাৰ কথা জনাবলৈ পাই মই অতি সুখী হৈছো।” উল্লেখ্য যে ছাৰাই বহু আগতেই শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। নৱেম্বৰ মাহত ৰাজস্থানৰ উদয়পুৰলৈ গৈছিল। তেওঁ ইয়াৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰিছিল। ছাৰা চৰকাৰী বিদ্যালয়তো গৈছিল। এই ভ্ৰমণৰ ছবি তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ছাৰাৰ লগত আছিল মাতৃ অঞ্জলি তেণ্ডুলকাৰ।

You might also like