৫০ লাখ নিদিলে শ্বাহৰুখ খানক হত্যা কৰিম : অনুৰাগীৰ চিন্তা বৃদ্ধি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ বলীউডৰ কিং শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া হৈছে। শ্বাহৰুখ খানক ভাবুকি দিয়া অভিযুক্তই অভিনেতাগৰাকীৰ প্ৰডাকচন কোম্পানী ৰেড চিলিছলৈ ভাবুকিমূলক ফোন কৰিছে। এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এতিয়া খবৰ আহিছে যে অভিযুক্তক ৰায়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে অভিযুক্তই ভাবুকি ফোন কৰি ৫০ লাখ টকা দাবী কৰিছিল। ৫ নৱেম্বৰৰ নিশা ১:২১ বজাত মুম্বাই আৰক্ষীৰ এজন কনিষ্টবল ৰেংক জোৱান থানাৰ লেণ্ডলাইনত ফোন আহিছিল। ফোন কৰাজনে ক’লে, শ্বাহৰুখ খান মন্নত বেণ্ড ষ্টেণ্ডৰ মালিক। যদি তেওঁ মোক ৫০ লাখ টকা নিদিয়ে তেন্তে মই তেওঁক হত্যা কৰিম। মোৰ নাম হিন্দুস্তানী, ৫০ লাখ নিদিলে শ্বাহৰুখ খানক মাৰি দিম, এইটোৱেই আছিল ভাবুকি দিয়া ব্যক্তিজনে দিয়া পৰিচয়। ইয়াৰ পিছত নিশা ৯ বজাত এফআইআৰ পঞ্জীয়ন কৰা হয়। আৰক্ষীয়ে যেতিয়া ফোনটোৰ ট্ৰেচ কৰে তেতিয়া দেখা যায় যে ফোনটো ফৈজান খান নামৰ এজন ব্যক্তিৰ নামত ৰেজিষ্টাৰ কৰা হৈছে আৰু ফোনটো ৰায়পুৰৰ পৰা কৰা হৈছে। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ৰায়পুৰত উপস্থিত হয় আৰু অপৰাধ শাখাই অভিযুক্তক জিম্মাত লয়। এই ভাবুকিৰ পিছত শ্বাহৰুখ খানৰ বাংলো মন্নতৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে ২০২৩ চনত তেওঁৰ পাঠান আৰু জৱানৰ ছুপাৰ সফলতাৰ পিছতো শ্বাহৰুখ খানে বহুবাৰ ভাবুকি পোৱাটো প্ৰথমবাৰৰ বাবে নহয়। এই সন্দৰ্ভত আৰক্ষীতো অভিযোগ উত্থাপন হৈছিল, তাৰ পিছত অভিনেতাজনক ৱাই প্লাছ কেটেগৰিৰ সুৰক্ষা প্ৰদান কৰা হৈছিল। একে সময়তে শ্বাহৰুখ খানে মৃত্যুৰ ভাবুকি ফোন পোৱাৰ খবৰ পোৱাৰ পিছত অনুৰাগীসকলো অভিনেতাগৰাকীৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে। শ্বাহৰুখ খানৰ আগতে বলীউডৰ আন এজন ছুপাৰষ্টাৰ ছলমান খানেও লৰেন্স বিষ্ণয় গেঙৰ পৰা কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে।