নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাহত কিংমেকাৰ শিৱকুমাৰ : কর্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্রী ছিদ্দাৰামায়া

বিশেষ বাৰ্তা, ১৮ মেঃ কর্ণাটকত মুখ্যমন্ত্রীক লৈ চলা হাইভ’ল্টেজ ড্রামাৰ সমাপ্তি ঘটিল৷  ১৩ মে’ত ঘোষিত কর্ণাটক বিধানসভা নির্বাচনৰ ফলাফলত কংগ্রেছে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতেই মুখ্যমন্ত্রীক লৈ আৰম্ভ হয় ড্ৰামা৷ মুখ্যমন্ত্রীৰ দাবীদাৰ প্রাক্তন মুখ্যমন্ত্রী ছিদ্দাৰামায়া আৰু কর্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ মাজত কোন মুখ্যমন্ত্রী হ’ব তাক লৈ নৱনির্বাচিত বিধায়কৰ বৈঠকত কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খার্গেক দায়িত্ব দিয়া হয় যদিও মুখ্যমন্ত্রী পদ কাক দিব, তাক লৈ সিদ্ধান্ত লওঁতেই ৫ দিন অতিক্রম কৰিলে৷ ছিদ্দাৰামায়া আৰু শিৱ কুমাৰক লৈ শীর্ষ নেতৃত্বই নতুন দিল্লীত কেইবাবাৰো বৈঠক অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ ৰাজ্যখনতো শীর্ষ নেতৃত্বই ছিদ্দাৰামায়া আৰু শিৱ কুমাৰক লৈ বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্রী নির্বাচন কৰিবলৈ শলঠেকত পৰে৷ প্রাৰম্ভিক সময়ত ছিদ্দাৰামায়াক দুবছৰ আৰু পিছলৈ শিৱ কুমাৰক তিনি বছৰৰ মুখ্যমন্ত্রী প্রদানৰ লেখিয়া পৰিকল্পনা চলে যদিও দুয়োগৰাকী নেতাই এই পৰিকল্পনাত অসন্মতি ব্যক্ত কৰে৷ কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীৰ সৈতে দুয়োগৰাকী নেতাই পৃথকে পৃথকে মিলিত হয়৷ ঠিক তেনেদৰে মল্লিকার্জুন খার্গেয়েও দুয়োগৰাকী নেতাক পৃথকে পৃথকে সাক্ষাৎ কৰি মুখ্যমন্ত্রী পদক লৈ চলি থকা ড্রামাৰ সমাপ্তি ঘটাবলৈ অহোপুৰুষার্থ কৰে যদিও কোনো এগৰাকী নেতায়ে সফল হ’ব নোৱাৰিলে৷ পৰিণতিত মুখ্যমন্ত্রী কোন হ’ব, সেয়া ঘোষণা কৰিবলৈ শীর্ষ নেতাক ৫দিন সময় লাগে৷ মুখ্যমন্ত্রীক লৈ দুয়োগৰাকী নেতাই আঁকোৰগোজ হৈ থকাৰ সময়তে কংগ্রেছৰ প্রাক্তন সভানেত্রী ছোনিয়া গান্ধীৰ হস্তক্ষেপত কর্ণাটকত কোন মুখ্যমন্ত্রী হ’ব, সেয়া মীমাংসিত হয়৷ ৰাজ্যখনৰ কংগ্রেছৰ সভাপতি ডি কে শিৱ কুমাৰক ছোনিয়া গান্ধীয়ে উপ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ বাবে সন্মত কৰিবলৈ সক্ষম হয়৷ দলৰ স্বার্থত শিৱ কুমাৰে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰি উপ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিব বুলি সন্মতি প্রকাশ কৰে৷ ইয়াৰ পাছতেই আজি কংগ্রেছৰ মুখপাত্র ৰনদ্বীপ সূর্যেৱালাই কর্ণাটকত মুখ্যমন্ত্রী হিচাপে ছিদ্দাৰামায়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে উপ মুখ্যমন্ত্রী হিচাপে শিৱ কুমাৰে দায়িত্ব গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ আজি কংগ্রেছে মুখ্যমন্ত্রী আৰু উপ মুখ্যমন্ত্রীৰ নামত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত অহা ২০ মে’ত চৰকাৰৰ শপত গ্রহণ হ’ব বুলি প্রকাশ কৰিছে৷

You might also like