নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীকৃষ্ণ জন্মভূমি বিবাদত মছজিদ সমিতিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ মথুৰা শ্ৰীকৃষ্ণ জন্মভূমি বিবাদত আজি মছজিদ সমিতিৰ আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে এই বিবাদৰ সৈতে জড়িত ১৫টা গোচৰ একত্ৰিত কৰি একেলগে শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মছজিদ কমিটীয়ে। উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টো কেৱল উচ্চ ন্যায়ালয়তহে ৰাখিব লাগে। কিন্তু ইয়াত স্পষ্ট কৰি দিব লাগিব যে মথুৰা জিলা আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ সকলো গোচৰ হস্তান্তৰ কৰাৰ বিৰুদ্ধে মছজিদ পক্ষৰ আবেদন এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। মছজিদ সমিতিৰ সেই আবেদনৰ শুনানি এপ্ৰিল মাহত হ’ব। আজিৰ গোচৰটো আছিল ১৮টা গোচৰৰ ভিতৰত ১৫টাক একত্ৰিত কৰাৰ বিৰুদ্ধে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰা নাই।

You might also like