নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এক ভাষা যুদ্ধৰ বাবে সাজু তামিলনাডু

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় শিক্ষানীতি আৰু সমষ্টি পুনৰ নির্ধাৰণৰ কেন্দ্রৰ সিদ্ধান্তৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিন৷ ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত তিনি ভাষা বলৱৎ বিশেষকৈ হিন্দী ভাষা বলৱতক লৈ অসন্তুষ্ট আৰু বিৰোধিতা কৰি অহা তামিলনাডুৰ মুখ্যমন্ত্রী ষ্টেলিনে কেন্দ্রৰ বিৰুদ্ধে স্পষ্টকৈ হুংকাৰ দি কয় যে আন এক ভাষা যুদ্ধৰ বাবে সাজু তামিলনাডু৷ কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি তামিলনাডুৰ মুখ্যমন্ত্রীগৰাকীয়ে লোকসভাত তামিলনাডুৰ প্রতিনিধি হ্রাস কৰাৰ কৌশল কেন্দ্রই গ্রহণ কৰিছে বুলিও অভিযোগ কৰে৷ তামিলনাডুৰ প্রতিনিধি লোকসভাত সমষ্টি পুনৰ নির্ধাৰণেৰে হ্রাস কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰি অহা ৫ মার্চত ৰাজ্যখনত সর্বদলীয় বৈঠক আহ্বান জনাইছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই বৈঠকলৈ ৰাজ্যখনৰ সকলো ৰাজনৈতিক দল, বিশেষকৈ যিবোৰ ৰাজনৈতিক দল দেশৰ নির্বাচন আয়োগৰ দ্বাৰা পঞ্জীয়নভুক্ত হৈ আছে৷ তামিলনাডুই পৰিয়াল পৰিকল্পনা আঁচনি সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবেই জনসংখ্যা নিয়ন্ত্রিত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে সমষ্টি পুনৰ নির্ধাৰণ কৰিলে তামিলনাডুৱে আঠটা লোকসভা সমষ্টি হেৰুৱাব লাগিব৷ কিয়নো, সমষ্টি পুনৰ নির্ধাৰণ কৰা হ’ব জনসংখ্যাৰ ভিত্তিতহে৷ সমষ্টি পুনৰ নির্ধাৰণ কৰিলে ৰাজ্যখনৰ লোকসভাৰ আসন ৩৯ৰ পৰা হ্রাস পাই ৩১ হ’বগৈ৷ সংসদত ৰাজ্যখনৰ কণ্ঠ ৰোধ আৰু ৰাজ্যৰ অধিকাৰ খর্ব কৰাৰ বাবেই কেন্দ্রই এই পদক্ষেপ গ্রহণ কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ এনে পৰিপ্রেক্ষিতত ৰাজ্যখনৰ সকলো ৰাজনৈতিক দল একত্রিত হ’লেহে তামিলনাডুৰ বিৰুদ্ধে কৰা ষড়যন্ত্র মষিমূৰ কৰিব পৰা যাব বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ আনপিনে কেন্দ্রীয় চৰকাৰে বলপূর্বকভাৱে ৰাষ্ট্রীয় শিক্ষানীতি, চমুকৈ এনইপি আৰু নীট জাপি দিয়াৰ বিৰোধিতা কৰাৰ বাবেই তামিলনাডুৰ কণ্ঠ সদনত হ্রাস কৰিব বিচাৰিছে৷ নতুন শিক্ষানীতিৰ আধাৰত তিনি ভাষা নীতি প্রয়োগৰ ক্ষেত্রত তামিলনাডু আৰু কেন্দ্রীয় চৰকাৰৰ মাজত প্রত্যক্ষ সংঘাত চলি আছে৷ অলপতে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদৃষ্টি সম্পন্ন শিক্ষানীতি বলৱৎ কৰাৰ বাবে মুখ্যমন্ত্রী ষ্টেলিনক পত্র প্রেৰণ কৰি এই সন্দর্ভত পুনৰ বিবেচনাৰ আহ্বান জনাইছে৷ ইয়াৰ পিছতেই তামিলনাডুৰ মুখ্যমন্ত্রীগৰাকী কেন্দ্রৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, একপ্রকাৰ যুঁজাৰ বাবে ৰণনীতি প্রস্তুত কৰিছে৷

You might also like