নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুজাফ্ফৰপুৰত গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানিলে শিক্ষকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুলাই : বিহাৰৰ মুজাফ্ফৰপুৰত গুৰু-শিষ্য সম্পৰ্কত কালিমা সনা আন এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। শিক্ষকে স্কুলত পঢ়া অৱস্থাতেই শিক্ষাৰ্থীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অনৈতিক কাৰ্য একেখন বিদ্যালয়ৰে শিক্ষকৰ দ্বাৰাই সংঘটিত হৈছে। ছোৱালীকেইজনীয়ে বিৰক্ত হৈ পৰিয়ালক এই কথা অৱগত কৰাত তেওঁলোকে বিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত অভিযোগ কৰে আৰু এই অশ্লীল কাণ্ডৰ বিপক্ষে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। এই দুষ্কৰ্ম সংঘটিত কৰাৰ পিছত অভিযুক্ত শিক্ষকজন অজুহাত দেখুৱাই পলাই যায়। মুজাফ্ফৰপুৰৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰি আছে। অভিযোগৰ সত্যতা নিৰূপণৰ পিছতে অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য় কৰিছে আৰক্ষীয়ে।

You might also like