নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ৰ পিছতে পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

🟢নতুন চৰকাৰ গঠন নোহোৱালৈ দায়িত্বত থকাৰ আহ্বান ৰাজ্যপালৰ

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ তেলেংগানা বিধানসভাৰ নিৰ্বাচন গণনাত বি আৰ এছে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছতে আজি ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। বি আৰ এছৰ কাৰ্যকৰী সভাপতি ৰামা ৰাৱে এই তথ্য দিছে। একে সময়তে ৰাজভৱনে মুখ্যমন্ত্রীৰ পদত্যাগৰ কথা ৰাজ্যপালে মানি লোৱা বুলি অৱগত কৰিছে৷ ৰাজভৱনে জাৰি কৰা বিবৃতিটোত এই কথাও কোৱা হৈছে যে নতুন চৰকাৰ গঠন নোহোৱালৈকে কেচিআৰক এই পদত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। তেলেংগানা বিধানসভাৰ নিৰ্বাচনত কেচিআৰে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই দুখন হল কামাৰেড্ডী আৰু গজৱেল। কামাৰেড্ডীত বিজেপিৰ ৰমন ৰেড্ডীৰ হাতত পৰাস্ত হৈছে কেচিআৰ। এই আসনত তৃতীয় স্থানত আছে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰেভান্ত ৰেড্ডী। আনহাতে, গজৱেলত কেচিআৰে আগবাঢ়ি আছে। দ্বিতীয় স্থানত আছে বিজেপি নেত্ৰী ইটলা ৰাজেন্দ্ৰ।

#বাৰ্তা ডেস্ক

You might also like