প্রথম পত্নীৰে বিচ্ছেদ অবিহনে দ্বিতীয় বিবাহৰ বৈধতা নাই, তেলেংগানা হাইক’ৰ্টৰ ৰায়
নিউজ ডেস্ক, ১ এপ্ৰিলঃ প্রথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নহ’লে দ্বিতীয় বিবাহৰ বৈধতা নাই৷ সেই ক্ষেত্রত ভুৱা বিয়াৰ দোহাই দি দ্বিতীয় পত্নীৰ সৈতে সহবাস কৰিলে সেয়া ধর্ষণ হিচাপে চিহ্ণিত হ’ব৷ শেহতীয়াকৈ এটা গোচৰত এই কথা উল্লেখ কৰিছে তেলেংগানা উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ ন্যায়াধীশ মৌচুমী ভট্টাচার্য আৰু ন্যায়াধীশ ভি আৰ মধুসূদন ৰাওৰ বিচাৰপীঠত বিবাহ বিচ্ছেদ সম্পর্কীয় এই গোচৰৰ শুনানি চলিছিল৷ স্বামীৰ সৈতে বিচ্ছেদ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দ্বিতীয় পত্নী৷ গোচৰটোৰ শুনানিত এই মন্তব্য আগবঢ়াইছে উচ্চ ন্যায়ালয়ৰ দুয়োগৰাকী ন্যায়াধীশে৷ দ্বিতীয় পত্নীয়ে অভিযোগ কৰা অনুসৰি বিয়াৰ সময়ত প্রথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটা নাছিল সেই স্বামীৰ৷ সেই তথ্য স্বামীয়ে তেওঁৰ ওচৰত গোপন কৰিছিল৷ যেতিয়া দ্বিতীয় পত্নীয়ে এই কথা জানিবলৈ সক্ষম হ’ল তেতিয়া দ্বিতীয় বিয়া বাতিল কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হয়৷ লক্ষণীয়ভাৱে পাৰিবাৰিক আদালতত প্রথমতে এই গোচৰটো খাৰিজ কৰি দিয়া হৈছিল৷ ইয়াৰ পাছতে মহিলাগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ স্মর্তব্য যে ব্যক্তিজনৰ প্রথমা পত্নী ১৪ বছৰ ধৰি ক’মা অৱস্থাত আছিল৷ এই কথা জানিবলৈ দিয়া হোৱা নাছিল দ্বিতীয় পত্নীক৷ উচ্চ ন্যায়ালয়ে এতিয়া স্পষ্ট কৰি দিছে যে ব্যক্তিজনৰ দ্বিতীয় বিবাহৰ কোনো বৈধতা নাই৷ বৰঞ্চ বিভিন্ন ধাৰাত ধর্ষণৰ গোচৰৰহে বিচাৰ চলিব ব্যক্তিজনৰ বিৰুদ্ধে৷