কংগ্ৰেছ-আপৰ অঁৰিয়াঅৰিত সুযোগৰ সদ্ব্যৱহাৰ বিজেপিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ কালি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। দিল্লীত ২৭ বছৰৰ পাছত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে বিজেপি। ইয়াত ৪৮খন আসন পায় বিজেপিয়ে। আম আদমী পাৰ্টীৰ ২২খন আসনলৈ হ্ৰাস। মুঠ ১৪খন আসনেৰে সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হেৰুৱালে আপ। এটা আমোদজনক কথা হ’ল ৭০খন বিধানসভা আসনৰ ভিতৰত ১৩খন আসন আছিল য’ত কংগ্ৰেছৰ বাবে আপ দলে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। দৰাচলতে এই আসনসমূহত পৰাজয়ৰ ব্যৱধান কংগ্ৰেছে লাভ কৰা ভোটতকৈ কম আছিল। অৰ্থাৎ আপ আৰু কংগ্ৰেছে একেলগে যুঁজ দিয়া হ’লে বিজেপিয়ে এই ১৩খন আসন হেৰুৱালেহেঁতেন। অৰ্থাৎ বিজেপিক স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাত বাধা দিব পাৰিহেঁতেন। এনে পৰিস্থিতিত কংগ্ৰেছ-আপৰ মিত্ৰতাই ৩৫খন আসন লাভ কৰিলেহেঁতেন আৰু বিজেপিয়েও ৩৫খন আসন পালেহেঁতেন। আটাইতকৈ ওচৰৰ প্ৰতিদ্বন্দ্বিতা আছিল সংগম বিহাৰৰ আসনত। ইয়াত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী দীনেশ মহনিয়াই মাত্ৰ ৩৪৪টা ভোটত পৰাস্ত হয়। ইয়াত কংগ্ৰেছে বিপুল ক্ষতি কৰিলে। কংগ্ৰেছৰ হৰিশ চৌধাৰীয়ে লাভ কৰে ১৫৮৬৩টা ভোট। ত্ৰিলোকপুৰীতো আছিল ঘনিষ্ঠ প্ৰতিযোগিতা। ইয়াত আপৰ প্ৰাৰ্থী অঞ্জনা পাৰ্চা মাত্ৰ ৩৯২টা ভোটত পৰাস্ত হয়। ইয়াত কংগ্ৰেছৰ অমৰদ্বীপে লাভ কৰে ৬১৪৭টা ভোট। জাংপুৰাৰ আসনৰ পৰা মাত্ৰ ৬৭৫টা ভোটত পৰাস্ত হয় মনীষ চিছ’দিয়া। ইয়াত কংগ্ৰেছৰ ফাৰহাদ ছুৰীয়ে ৭৩৫০টা ভোট লাভ কৰে। সুৰিন্দৰ পাল সিঙে ১১৬৮টা ভোটত পৰাস্ত হয় তিমাৰপুৰৰ আসনখন। এই আসনত কংগ্ৰেছৰ লোকেন্দ্ৰ কল্যাণ সিঙে লাভ কৰে ৮৩৬১টা ভোট। ৰাজিন্দৰ নগৰত আপ প্ৰাৰ্থী দুৰ্গেশ পাঠক ১২৩১টা ভোটত পৰাস্ত হয়। এই আসনত কংগ্ৰেছৰ বিনীত যাদৱে লাভ কৰে ৪০১৫টা ভোট। মেহৰৌলীৰ পৰা ১৭৮২টা ভোটত পৰাস্ত হয় আপৰ প্ৰাৰ্থী মহেন্দ্ৰ চৌধুৰী। এই আসনত কংগ্ৰেছৰ পুষ্পা সিঙে লাভ কৰে ৯৩৩৮টা ভোট। মালভিয়া নগৰৰ পৰা ২১৩১টা ভোটত পৰাজিত হয় সোমনাথ ভাৰতী। ইয়াত কংগ্ৰেছ প্ৰাৰ্থী জিতেন্দ্ৰ কুমাৰ কোচাৰে লাভ কৰে ৬৭৭০টা ভোট। বৃহত্তৰ কৈলাশ আসনত ৩১৮৮টা ভোটত পৰাস্ত হয় সৌৰভ ভৰদ্বাজে। এই আসনত কংগ্ৰেছৰ গৰৱিত সিংভীয়ে লাভ কৰে ৬৭১১টা ভোট। নতুন দিল্লীৰ পৰা ৪০৮৯টা ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল অৰবিন্দ কেজৰিৱালে। ইয়াত কংগ্ৰেছৰ সন্দীপ দীক্ষিতে লাভ কৰে ৪৫৬৮টা ভোট। ৬২৩৯ টা ভোটত পৰাস্ত হয় আপৰ প্ৰাৰ্থী ব্ৰহ্ম সিং তনোৱাৰ। ইয়াত কংগ্ৰেছৰ ৰাজেন্দ্ৰ সিং তনোৱাৰে লাভ কৰে ৬৬০১টা ভোট। মাডিপুৰ আসনৰ পৰা ১০,৮৯৯টা ভোটত পৰাস্ত হয় ৰাখী বিৰলা। ইয়াত কংগ্ৰেছৰ জে পি পানৱাৰে ১৭৯৫৮টা ভোট লাভ কৰে। বদলী আসনখনত ১৫১৬৩টা ভোটত পৰাস্ত হয় অজেশ যাদৱে। ইয়াত কংগ্ৰেছৰ দেৱেন্দ্ৰ যাদৱে ৪১০৭১টা ভোট লাভ কৰি আপৰ পৰাজয়ৰ কাৰণ হৈ পৰে। নাংলয় জাটত ২৬,২৫১টা ভোটৰ ব্যৱধানত পৰাস্ত হয় আপৰ প্ৰাৰ্থী ৰঘুবীৰ শৌকিন। এই আসনত কংগ্ৰেছৰ ৰোহিত চৌধাৰীয়ে লাভ কৰে ৩২০২৮টা ভোট।