বিজেপিৰ উপার্জন বৃদ্ধি ৮৭ শতাংশ, পূর্বতকৈ অৱস্থা ভাল কংগ্রেছৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ বিগত লোকসভা নির্বাচনৰ বর্ষটোত প্রত্যাশিতভাৱে আয় বৃদ্ধি পাইছে কংগ্রেছ আৰু বিজেপিৰ৷ অৱশ্যে ২০২৩–২৪ বর্ষটোত আয় বৃদ্ধি হিচাপত কংগ্রেছে বিজেপিৰ পাছতে স্থান লাভ কৰিছে যদিও মুঠ আয়ৰ নিৰিখত বিজেপি কংগ্রেছতকৈ বহু আগত আছে৷ নির্বাচন আয়োগে ২০২৩–২৪ বর্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ অডিট ৰিপ’ট প্রকাশ কৰিছে৷ আয়োগৰ তথ্য অনুসৰি, ২০২৩–২৪ বিত্তীয় বর্ষটোত বিজেপিয়ে ৩,৯৪৭ কোটি টকা অনুদান লাভ কৰিছে৷ ইয়াৰ ভিতৰত নির্বাচনী বণ্ডৰ পৰা দলটোৱে লাভ কৰিছে ১,২৯৪ কোটি টকা৷ ২০২২–২৩ বর্ষত বিজেপিৰ মুঠ উপার্জন আছিল ২,১২০ কোটি টকা৷ অর্থাৎ এবছৰত গেৰুৱা শিবিৰৰ উপার্জন বৃদ্ধি পাইছে ৮৭ শতাংশ৷ ২০২২–২৩ বর্ষটোত বিজেপিয়ে নির্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰিছিল ১,৬৮৫ কোটি টকা৷ কংগ্রেছ যোৱা প্রায় এটা দশক ধৰি আয়ৰ নিৰিখত বিজেপিতকৈ পিছপৰি আছে৷ ২০২৩–২৪ বর্ষত কংগ্রেছৰ আয় বৃদ্ধি পাইছে ৩২০ শতাংশ৷ আয় বৃদ্ধিৰ হিচাপত বিজেপিতকৈ কংগ্রেছ আগবাঢ়িছে যদিও দলটোৰ মুঠ উপার্জন ১,১২৯ কোটি টকা বুলি প্রকাশ কৰিছে আয়োগে