নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰি মালিচ নকৰাৰ বাবে পিতৃক হত্যা গুণধৰ পুত্রৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ কোনো কাম নাই, গোটেই দিনটো ঘৰত বহি থাকি পিতৃক ভৰি মালিচ কৰাৰ নির্দেশ দিছিল পুত্রই৷ এই প্রস্তাৱ মানিবলৈ ৰাজী নহ’ল পিতৃ৷ ইয়াৰ বাবে ৬২ বছৰীয়া পিতৃক নৃশংসভাৱে প্রহাৰ কৰি হত্যা কৰিলে ‘গুণধৰ’ পুত্রই৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে মহাৰাষ্ট্রৰ পুণেত৷ ঘটনাৰ তদন্তত নামি ২৩ বছৰ বয়সীয়া অভিযুক্ত কুশল ওৰফে ইংগা চেণ্ডেক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পুণেৰ নবাবপুৰা অঞ্চলত পিতৃ দত্তাত্রেয় চেণ্ডেৰ সৈতে একেলগে আছিল কুশল৷ শনিবাৰে পিতা–পুত্র দুয়োজনেই ঘৰতে আছিল৷ সেই সময়ত পিতৃক ভৰি মালিচ কৰিবলৈ প্রস্তাৱ দিয়ে অভিযুক্ত কুশলে৷ কিন্তু কুশলৰ প্রস্তাৱ মানিবলৈ সন্মত নহ’ল পিতৃয়ে৷ এই ঘটনাত ক্ষুব্ধ হৈ পিতৃৰ বুকু, পেট আৰু মূৰত উপর্যুপৰি প্রহাৰ কৰে কুশলে৷ ইয়াৰ ফলত ঘটনাস্থলীতে পিতৃৰ মৃত্যু হয়৷ এই ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like