নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেমন্ত ছোৰেনৰ জামিন মঞ্জুৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুনঃ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ভূমি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন মঞ্জুৰ কৰে। আজি পাঁচ মাহৰ অন্তত বীৰছা মুণ্ডা কাৰাগাৰৰ পৰা মুক্তি পালে হেমন্ত ছোৰেনে। কাৰাগাৰৰ পৰা মুক্তিৰ পূৰ্বে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ প্ৰথম প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে কয়, “মিছা অভিযোগ কৰি মোক জেলত ভৰোৱা হৈছিল। ৰাইজৰ কণ্ঠ দমনৰ কাম চলি আছে। তেওঁলোকৰ বাবেই আদালতে ন্যায় প্ৰদান কৰিছে। আজি ওলাই আহিছো।” হেমন্ত ছোৰেনে আৰু কয়, “ন্যায়ৰ প্ৰক্ৰিয়াটো বহুত দীঘলীয়া হৈ পৰিছে। আজি দেশত ৰাজনীতিবিদ, সাংবাদিক আৰু সাধাৰণ মানুহৰ কণ্ঠ দমন কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰীকো জেললৈ প্ৰেৰণ কৰা হৈছে। যুঁজ আৰু সংকল্প যে আজি এটা বাৰ্তা আছে যে কেনেকৈ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হ’ল আৰু আমাক জেলত ভৰোৱা হ’ল।” ইয়াৰ বাহিৰেও হেমন্ত ছোৰেনে সাংবাদিকসকলৰ আগত কয় যে আপোনালোক সকলোৱে ন্যায়পালিকাৰ নিৰ্দেশ পুনৰীক্ষণ কৰি দেশবাসীৰ মাজলৈ প্ৰেৰণ কৰক। ইয়াৰ পূৰ্বে হেমন্ত ছোৰেনক জেলৰ পৰা ওলাই অহাৰ লগে লগে জেএমএমৰ বহুসংখ্যক সমৰ্থকে তেওঁক আদৰণি জনাই শ্লোগান দিয়ে। তেওঁৰ পত্নী তথা জেএমএমৰ বিধায়িকা কল্পনা ছোৰেনে ন্যায়পালিকাৰ লগতে ৰাইজৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে আজি এটা আৱেগিক দিন। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত ছোৰেনে ৰাইজৰ আগত হাত জোকাৰি পিতৃ আৰু জেএমএমৰ ছুপ্ৰিমো শিবু ছোৰেনৰ পৰা আশীৰ্বাদ লোৱা দেখা গ’ল। ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰংগন মুখোপাধ্যায়ৰ একক বিচাৰপীঠে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰে।

You might also like