নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াত মনমোহন সিঙক ভাৰতৰত্ন প্রদানৰ দাবী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ সদ্যপ্রয়াত দেশৰ প্রাক্তন প্রধানমন্ত্রী তথা বিশিষ্ট অর্থনীতিবিদ মনমোহন সিঙক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্রদানৰ দাবী তীব্রতৰ হৈছে৷ চাপ বৃদ্ধি পাইছে মোদী চৰকাৰৰ ওপৰত৷ তেলেংগানা বিধানসভাত এই সন্দর্ভত শাসকীয় কংগ্রেছ দলে এক প্রস্তাৱ উত্থাপন কৰিছে৷ এই প্রস্তাৱক সমর্থন কৰিবলৈ বাধ্য হৈছে ৰাজ্যখনৰ মূল বিৰোধী দল বিজেপি৷ তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডিয়ে বছৰৰ প্রথম দিনটোতেই মনমোহন সিঙক ভাৰতৰত্ন প্রদানৰ দাবীত এক প্রস্তাৱ উত্থাপন কৰে৷ সর্বসন্মতিক্রমে বিধানসভাত এই প্রস্তাৱ গৃহীতও হৈছে৷ ইফালে বিৰোধী দল ৰাষ্ট্র সমিতি আৰু বিজেপিয়েও এই প্রস্তাৱত সমর্থন আগবঢ়াইছে৷ স্মর্তব্য যে অবিভক্ত অন্ধ্রপ্রদেশৰ পৰা পৃথক ৰাজ্য তেলেংগানা জন্মৰ অন্তৰালতো প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ গুৰুত্বপূর্ণ অৱদান আছিল৷ সিঙৰ এই অৱদানৰ স্বীকৃতিৰ দাবীক অস্বীকাৰ কৰা তেলেংগানাৰ বিজেপি নেতাসকলৰ পক্ষেও সম্ভৱ নহয়৷ লক্ষণীয়ভাৱে দেশৰ সর্বোচ্চ সন্মান ভাৰতৰত্ন মনমোহন সিঙক প্রদানৰ ক্ষেত্রত তেলেংগানাৰ এই দাবীয়ে বিশেষ গুৰুত্ব লাভ কৰিছে৷

You might also like