নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেবছাইটত মহাকুম্ভৰ তথ্যৰ সন্ধান ১৮৩ দেশৰ ৩৩ লাখ লোকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ বিশ্বৰ আটাইতকৈ বৃহৎ গণ সমাৱেশ হ’বলৈ গৈ আছে এইবাৰৰ কুম্ভমেলাত৷ ‘মহাকুম্ভ–২০২৫’ত বিশ্বৰ বিভিন্ন দেশৰ লাখ লাখ লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ সনাতন সংস্কৃতি আৰু ঐতিহ্যৰ এই উৎসৱ সমগ্র বিশ্বৰ বাবে কৌতূহলৰ কাৰণ হৈ পৰিছে৷ ইতিমধ্যে মহাকুম্ভ ৱেবছাইটত এই মেলা সম্পর্কত বিভিন্ন তথ্য বিচাৰিছে ১৮৩খন দেশৰ ৬,২০০ চহৰৰ ৩৩ লাখ মানুহে৷ অফিচিয়েল ৱেবছাইটৰ উপৰি অন্যান্য ৱেবছাইটতো মহাকুম্ভ সম্পর্কীয় খবৰ বিচাৰিছে বিশ্ববাসীয়ে৷ মহাকুম্ভ ৱেবছাইটে প্রধানমন্ত্রী মোদী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ডিজিটেল চিন্তাক সার্থক কৰি তোলা বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷ প্রতিদিনে বিশ্বৰ লাখ লাখ লোকৰ বাবে এই ৱেবছাইট হৈ পৰিছে মহাকুম্ভ সম্পর্কীয় বিভিন্ন তথ্য জনাৰ প্লেটফ’ৰ্ম৷

You might also like