বহিঃৰাজ্যত প্ৰচাৰ ধুমুহা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
🎯 ১৪ এপ্রিলৰ পৰা ৪৭ নির্বাচনী সভা সম্বোধন ষ্টাৰ কেম্পেইনাৰগৰাকীৰ
🎯 কেৰালা-ওড়িশা-দিল্লী-অৰুণাচলত প্রচাৰ
🎯 ২৭ নির্বাচন সম্পর্কীয় অনুষ্ঠান
🎯 ৭টা ৰোড শ্ব’ত ল’লে অংশ
🎯 ১৯টা ৰাষ্ট্রীয় সংবাদ মাধ্যমক সাক্ষাৎকাৰ প্রদান
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্রত সর্বাধিক জনপ্রিয় নেতা হিচাপে পৰিচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইবাৰৰ লোকসভা নির্বাচনৰ প্রচাৰ আভিযানত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ প্রথমগৰাকী অসমৰ ৰাজনৈতিক নেতা হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনত ৰাজ্যৰ বাহিৰত অবিৰতভাৱে প্রচাৰ চলাই বিশেষভাৱে চর্চিত হৈ পৰিছে৷ উল্লেখ্য যে ১৪ এপ্রিলৰ পৰা ২৮ মে’লৈকে মুখ্যমন্ত্রীগৰাকীয়ে বহিঃৰাজ্যত ৪৭খন নির্বাচনী সভাত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে কেৰালা, ওড়িশা, দিল্লী, পঞ্জাব, ছত্তিশগড়, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অৰুণাচল প্রদেশত প্রচাৰ চলাইছিল৷ নির্বাচনী প্রচাৰৰ এই সময়ছোৱাত তেওঁ ২৭খন নির্বাচন সম্পর্কীয় অনুষ্ঠানতো অংশ লয়৷ এই তথ্য সদৰী কৰে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্র মার্ঘেৰিটাই৷ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত এখন সংবাদ মেলযোগে মুখ্যমন্ত্রীৰ নির্বাচনী প্রচাৰ অভিযান সন্দর্ভত বিস্তৃত তথ্য প্রকাশ কৰি মার্ঘেৰিটাই জানিবলৈ দিয়া মতে মুখ্যমন্ত্রীগৰাকীয়ে ১৪ এপ্রিলত অৰুণাচল প্রদেশত আৰম্ভ কৰা প্রচাৰ অভিযান ২৮ মে’ত ওড়িশাত অন্ত পেলায়৷ নির্বাচনী প্রচাৰৰ সময়ছোৱাত মুখ্যমন্ত্রীগৰাকীয়ে সাতটা ৰোড শ্ব’ৰ উপৰি ১৯টা ৰাষ্ট্রীয় সংবাদ মাধ্যমকো সাক্ষাৎকাৰ দিয়ে৷ উল্লেখ্য যে ৰাজ্যত ১৯ এপ্রিলৰ পৰা ৭ মে’লৈ তিনিটা পর্যায়ত সম্পন্ন হোৱা লোকসভা নির্বাচনৰ সময়ছোৱাতো মুখ্যমন্ত্রীগৰাকীয়ে প্রতিটো লোকসভা সমষ্টিতেই নির্বাচনী প্রচাৰ চলাইছিল৷ মুখ্যমন্ত্রীই ১০৫টা বিধানসভা সমষ্টিত নির্বাচনী সভাত অংশগ্রহণ কৰাৰ লগতে বিজেপিৰ কেইবাগৰাকীও প্রার্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল৷ তদুপৰি অংশ লৈছিল কেইবাটাও ৰোড শ্ব’ত৷ ইয়াৰ পিছত ১৪ এপ্রিলত তেওঁ ৰাজ্যৰ বাহিৰত প্রথম নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰে৷ সেই অনুসৰি পশ্চিমবংগত ১০ মে’, ২০ মে’ আৰু ২১ মে’ত ৭খন নির্বাচনী সভাত, বিহাৰত ১১ মে’ আৰু ১৮ মে’ত ৬খন নির্বাচনী সভাত, দিল্লীত ১২ মে’ত এখন নির্বাচনী সভা আৰু নির্বাচনী সম্পর্কীয় অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ আনহাতে ওড়িশাত মুখ্যমন্ত্রী ড০ শর্মাই ৯ মে’, ১৪ মে’, ১৬–১৭ মে’, ২৩ মে’, ২৭ মে’ আৰু ২৮ মে’ত ১৯খন নির্বাচনী সভাত অংশগ্রহণ কৰে৷ সমান্তৰালভাৱে মুখ্যমন্ত্রীগৰাকীয়ে পঞ্জাবত ১৩ মে’ত দলীয় প্রার্থীৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশগ্রহণ কৰাৰ লগতে ৰোড শ্ব’তো অংশগ্রহণ কৰে৷ তদুপৰি ২৬ মে’ত তেওঁ পঞ্জাবত এখন বিশাল নির্বাচনী সভাতো অংশ লয়৷ ১৫ মে’ত ঝাৰখণ্ডত মুখ্যমন্ত্রীগৰাকীয়ে তিনিখন জনসভাত অংশগ্রহণ কৰাৰ লগতে এখন সংবাদ মেলো সম্বোধন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কেৰালাত ২টা, পঞ্জাবত ১টা, পশ্চিমবংগত দুটা, ওড়িশাত দুটা মুঠ ৭টা ৰোড শ্ব’ত ভাগ লয়৷ এই নির্বাচনী প্রচাৰৰ সময়ছোৱাতে মুখ্যমন্ত্রীগৰাকীয়ে ৰাষ্ট্রীয় কেইবাটাও ইছ্যু সংবাদ মাধ্যমৰ সন্মুখলৈ আনি ব্যাপক চর্চাও লাভ কৰে৷ মার্ঘেৰিটাই আজি সংবাদ মাধ্যমত এই তথ্য প্রকাশ কৰি কয় যে অসমৰ সন্তান হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় ৰাজনৈতিক ক্ষেত্রখনত যিধৰণে বিচক্ষণতা দেখুৱাবলৈ সক্ষম হ’ল, সেয়া গৌৰৱৰ বিষয়৷ মুখ্যমন্ত্রীগৰাকীয়ে অসমত ১১৭খন নির্বাচনী সভা তথা ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে ৰাজ্যৰ বাহিৰত ৫৭খন নির্বাচনী সভা তথা পদযাত্রাত অংশগ্রহণ কৰি ৰাষ্ট্রীয় পর্যায়ত বিজেপিৰ এজন শক্তিশালী নেতা হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সময়ছোৱাত মুখ্যমন্ত্রীগৰাকীয়ে তেওঁ যুক্তিনিষ্ঠ বক্তব্যৰে বিৰোধীক থকা–সৰকা কৰায়েই নহয়, বিৰোধীয়ে অনা অভিযোগৰো প্রত্যুত্তৰ দিবলৈ সক্ষম হৈছে৷ এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁ যি ধৰণে প্রচাৰ চলালে সেয়া ৰাষ্ট্রীয় নেতৃত্বৰো দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ ওড়িশাত মুখ্যমন্ত্রীগৰাকীয়ে চলোৱা প্রচাৰে বিশেষ চর্চা লাভ কৰিছে৷ প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ সহায়ক পণ্ডিয়ানৰ সম্পর্কত অনা তথ্যসমৃদ্ধ অভিযোগে ওড়িশাত বিজেপি দলক অধিক শক্তিশালী কৰি তুলিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এনে প্রচাৰ অভিযানৰ ফলতে ওড়িশাত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ সম্ভাৱনাও স্পষ্ট হৈ পৰিছে৷