নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰিয়ানিত লেগ পিছ নোহোৱাৰ বাবেই উত্তৰপ্ৰদেশৰ বিবাহস্থলীত লংকাকাণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুনঃ ধুমধামকৈ চলিছিল বিবাহ অনুষ্ঠান৷ নাচ–গানৰ মাজতে ৰাজকীয় ভোজৰো আয়োজন কৰিছিল কইনাপক্ষই৷ কিন্তু দৰা–কইনাৰ বিবাহ চলি থকাৰ মাজতে আৰম্ভ হ’ল হুলস্থূল৷ বিৰিয়ানিত মাংসৰ ‘লেগ পিছ’ নথকাক লৈ কইনাপক্ষৰ সৈতে দৰাপক্ষৰ দুর্বাদল কাজিয়া আৰম্ভ হয়৷ এই কাজিয়া গৈ মাৰপিটত পৰিণত হয়৷ উত্তৰ প্রদেশৰ বিবাহ অনুষ্ঠানত বিৰিয়ানিত লেগ পিছ নথকাক লৈ এই কুৰুক্ষেত্রৰ সৃষ্টি হ’ল৷ এই ঘটনাৰ ভিডি’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ভিডি’ত দেখিবলৈ পোৱা গৈছে বিবাহ অনুষ্ঠানত উপস্থিত অতিথিসকলৰ মাজত মাৰপিটৰ দৃশ্য৷ উত্তৰ প্রদেশৰ বেৰেইলিৰ নবাবগঞ্জৰ ঘটনা এয়া৷ উল্লেখনীয় যে এই ঘটনাত অতিষ্ঠ হৈ দৰাই বিবাহ অনুষ্ঠান সম্পূর্ণ নকৰে বুলি ঘোষণা কৰে৷ অৱশ্যে উভয়পক্ষৰ মাজত পুনৰ আলোচনা হোৱাৰ পিছত পৰিস্থিতি লাহে লাহে শান্ত হয়৷ অৱশেষত দৰাই বিবাহপর্ব সম্পূর্ণ কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়ায়৷

You might also like