ভাতৃ–পুত্রসহ কৃষক নেতালৈ নির্বিচাৰ গুলী, ট্রেক্টৰক পথ এৰি নিদিয়াৰ বাবে তিনিজনক হত্যা
নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ট্রেক্টৰক ৰাস্তা এৰি দিয়া নাছিল মটৰ চালকে৷ অতি সামান্য সেই ঘটনাত ক্ষুব্ধ হৈ ট্রেক্টৰত থকা চালকসহ অন্য লোকে গুলীয়াই হত্যা কৰিলে তিনিজন বাইক আৰোহীক৷ চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ ফতেহপুৰ জিলাত৷ গুলীচালনাত নিহত হৈছে কৃষক নেতা পাপ্পু সিং, তেওঁৰ পুত্র অভয় সিং আৰু পাপ্পুুৰ ভাতৃ ৰিংকু সিং৷ এই ঘটনা সন্দর্ভত অভিযোগৰ আঙুলি উঠিছে অঞ্চলটোৰ প্রাক্তন পঞ্চায়ত মুৰব্বীৰ বিৰুদ্ধে৷ প্রাথমিকভাৱে জানিব পৰা গৈছে যে আজি পুৱা চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হয় ফতেহপুৰৰ হাটগাম থানা অঞ্চলৰ তাহিৰাপুৰত৷ ভাতৃ আৰু পুত্রক মটৰচাইকেলেৰে লৈ কোনো স্থানলৈ গৈছিল পাপ্পু সিঙে৷ সেই একেটা পথেৰে ট্রেক্টৰেৰে আহিছিল অঞ্চলটোৰ প্রাক্তন পঞ্চায়ত মুৰব্বী মন্নু সিং আৰু তেওঁৰ সহযোগীসকল৷ অভিযোগ অনুসৰি, সেই ট্রেক্টৰক পথ এৰি নিদিয়াৰ বাবে পাপ্পুৰ সৈতে কাজিয়াৰ সূত্রপাত ঘটে মন্নু সিঙৰ৷ সেই সময়ত হঠাতে বন্দুকেৰে মটৰচাইকেল আৰোহী পাপ্পু আৰু তেওঁৰ পুত্র তথা ভাতৃলৈ লক্ষ্য কৰি ট্রেক্টৰৰ পৰা এজনে গুলীচালনা কৰে৷ ঘটনাস্থলীতে মৃত্যু হয় তিনিওজনৰ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষীয়ে তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷ ইফালে, মন্নু আৰু সহযোগীসকলক গ্রেপ্তাৰৰ দাবীত স্থানীয় বাসিন্দাসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷