প্রেম যে… : ৰাজস্থানত প্ৰেমিকা ছাত্ৰীক বিয়া কৰাবলৈ লিংগ পৰিৱৰ্তন শিক্ষয়িত্ৰীৰ
বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ প্রেমত সকলো সম্ভৱ৷ জাতি–ধর্ম–বর্ণ নিৰ্বিশেষে প্রেম যুদ্ধত সফলতাৰ অনেক কাহিনী আছে৷ প্রেমৰ বাবেই লিংগ পৰিৱর্তন কৰাৰো উদাহৰণ নথকা নহয়৷ শেহতীয়াভাৱে ৰাজস্থানত এগৰাকী শিক্ষয়িত্রীয়ে ছাত্রীৰ সৈতে প্রেমৰ বাবেই নিজৰ লিংগ পৰিৱর্তন কৰাৰ বাতৰি ব্যাপক চর্চিত হৈছে৷ প্রেমিকা শিক্ষার্থীক বিবাহপাশত আবদ্ধ কৰোৱাৰ লক্ষ্যৰে শিক্ষয়িত্রীগৰাকীয়ে নিজৰ লিংগ পৰিৱর্তন কৰি পুৰুষ হৈ শিক্ষার্থীগৰাকীক বিবাহ পাতে৷ ৰাজস্থানৰ ভৰতপুৰ জিলাৰ শাৰীৰিক শিক্ষাৰ শিক্ষয়িত্রী হিচাপে কর্মৰত মীৰা নামৰ মহিলাগৰাকীয়ে তেওঁৰ ছাত্রী কল্পনাৰ সৈতে প্রেমত পৰে৷ কল্পনাক বিবাহেৰে আবদ্ধ কৰি ৰাখিবলৈ শিক্ষয়িত্রী মীৰাই লিংগ পৰিৱর্তনৰ সিদ্ধান্ত লয়৷ বিদ্যালয়তে কল্পনাৰ সৈতে প্রেমত পৰা মীৰাই সাহসী সিদ্ধান্ত লৈ লিংগ পৰিৱর্তন কৰি আৰৱ কুণ্টল হৈ পৰে৷ আৰৱ কুণ্টলে প্রকাশ কৰা মতে ২০১৯ চনত লিংগ পৰিৱর্তনৰ বাবে তেওঁ প্রথমটো অস্ত্রোপচাৰ সম্পন্ন কৰে৷ পৰৱর্তী সময়ত কেইবাটাও অস্ত্রোপচাৰৰ জৰিয়তে তেওঁৰ লিংগ পৰিৱর্তন প্রক্রিয়া সম্পূর্ণ হয়৷ ২০১৯ চনৰ পৰা ২০২১ চনৰ মাজত কেইবাটাও লিংগ পৰিৱর্তনৰ অস্ত্রোপচাৰ কৰাৰ লগতে বিভিন্ন প্রক্রিয়া অতিক্রম কৰি মীৰাৰ পৰা আৰৱ কুণ্টল হৈ পৰে৷ লিংগ পৰিৱর্তনৰ প্রক্রিয়া সম্পূর্ণ হোৱাৰ অন্তত দুই পৰিয়ালৰ সন্মতি আৰু আশীর্বাদত আৰৱ আৰু কল্পনাৰ বিবাহ সুকলমে হৈ যায়৷ দুদিন পূর্বে বিবাহপাশত আবদ্ধ হোৱা আৰৱে নিজৰ প্রেমিকা কল্পনাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ অতি সুখী হোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে৷ দুদিন পূর্বে বিবাহপাশত আবদ্ধ হোৱা বুলি টুইটাৰযোগে আজি আৰৱ কুণ্টলে আনুষ্ঠানিকভাৱে প্রচাৰ কৰিছে৷ মন কৰিবলগীয়া যে মীৰাৰ চাৰিগৰাকী ভগ্নীৰ ভিতৰত তেওঁ কনিষ্ঠতম৷ কোনো ভাতৃ নাই৷ আটাইকেইজনীয়ে বিবাহপাশত আবদ্ধ হৈছে৷ সৰুতে তেওঁলোকৰ যিহেতুকে কোনো ভাতৃ কিম্বা ল’ৰা নাছিল, সেয়েহে তেওঁক ল’ৰাৰ ৰূপত লালন–পালন কৰা হৈছিল৷ তাৰ ফলতেই তেওঁ নিজকে ল’ৰা বুলি ভাবিবলৈ লৈছিল৷ মীৰা তথা আৰৱ কুণ্টলৰ পিতৃ বিৰি সিঙে কয় যে মোৰ পাঁচগৰাকী কন্যা, কোনো ল’ৰা সন্তান নাই৷ মীৰা সকলোতকৈ সৰু৷ গতিকে ছোৱালী হ’লেও তাইক ল’ৰাৰ লেখীয়া প্রতিপালন কৰা হৈছে৷ তাই সকলো কামেই এজন ল’ৰাৰ দৰে, ল’ৰাৰ সৈতে খেলা–ধূলা কৰে৷ এতিয়া তাই লিংগ পৰিৱর্তন কৰি ল’ৰা হৈছে৷ তেওঁ আনন্দিত যে আৰৱ সুখী আৰু এতিয়া বিবাহপাশত আবদ্ধ হৈছে৷ আৰৱ আৰু কল্পনাৰ বিয়া ভাৰতত অতি বিৰল৷ কিয়নো, এনে বিয়াত পিতৃ–মাতৃয়ে সন্মতি প্রদান কৰাৰ উদাহৰণ নাই বুলিয়েই ক’ব পাৰি৷ আৰৱ আৰু কুণ্টলে প্রেমে যে কোনো বাধা নামানে তাক প্রমাণিত কৰিলে৷