ড্রাগ্ছৰ বাবে দুই শিশুক ৭৪ হাজাৰত বিক্রী
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ এক দম্পতীয়ে নিজৰ দুই সন্তান বিক্রী কৰি দিছে ৭৪ হাজাৰ টকাত৷ ড্রাগ্ছ ক্রয় কৰিবলৈ পিতৃ–মাতৃয়ে এনেদৰে সন্তান দুটিক বিক্রী কৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই সদৰী কৰা অনুসৰি দুবছৰীয়া এটি পুত্র সন্তান ৬০ হাজাৰ টকাত আৰু এমহীয়া কন্যা সন্তান ১৪ হাজাৰ টকাত বিক্রী কৰি দিছে পিতৃ–মাতৃয়ে৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত অভিযুক্ত পিতৃ–মাতৃৰ লগতে অন্য এগৰাকী ব্যক্তিক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে এমহীয়া কন্যা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও দুবছৰীয়া শিশুটোক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷
#বাৰ্তা ডেস্ক