নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ কোটি টকাত নিলাম নেপোলিয়ন বোনাপার্টৰ দুটা পিষ্টল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ একালৰ ফৰাচী সম্রাট নেপোলিয়ন বোনাপার্টৰ দুটা পিষ্টল আজি নিলাম কৰা হৈছে ১.৪ নিযুত পাউণ্ডত৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ১৫ কোটি টকাতকৈও বেছি মূল্যত নিলাম হৈছে এই পিষ্টল দুটা৷ পেৰিছৰ বন্দুক নির্মাতা সংস্থা লুইছ–মার্টিন গোছেটে এই পিষ্টল দুটা নির্মাণ কৰিছিল৷ উল্লেখনীয় যে নিলামৰ পূর্বে আশা কৰা ধনতকৈও ইয়াৰ বিক্রী মূল্য অধিক পোৱা গৈছে৷ কালি ওছেনাত অক্সন হাউছত এই পিষ্টল দুটা নিলাম কৰা হয়৷ উল্লেখনীয় যে একালত এই পিষ্টল দুটাৰে নিজৰ প্রাণ লোৱাৰ চেষ্টা চলাইছিল নেপোলিয়ন বোনাপার্টে৷ এই পিষ্টল দুটা নিলামৰ সিদ্ধান্ত গ্রহণ কৰা হয় ফ্রান্সৰ সাংস্কৃতিক মন্ত্রণালয়ে এই ক্ষেত্রত অনুমোদন জনোৱাৰ লগে লগে৷ অলপতে ফ্রান্সৰ সাংস্কৃতিক মন্ত্রণালয়ে নেপোলিয়নৰ এই পিষ্টল দুটা ৰাষ্ট্রীয় সম্পদ হিচাপে চিহ্ণিত কৰি ইয়াক বাহিৰলৈ ৰপ্তানি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰে৷ ফৰাচী চৰকাৰে নেপোলিয়নৰ বিভিন্ন সামগ্রী পূর্বেও নিলাম কৰি আহিছে৷

You might also like