নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশত হব বিজেপিৰ জয়জয়কাৰঃ বিজেপিৰ ওপৰত আস্থা এগজিট পলৰ

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ এগজিট পলৰ পূৰ্বানুমান অনুসৰি উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে। আজি কেইবাটাও ৰাষ্ট্ৰীয় টিভি চেনেলৰ এগজিট পল অনুসৰি দেশৰ শাসনত থকা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। ভাৰতৰ ৰাজনীতিৰ দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশত বিজেপিয়ে এনেধৰণৰ প্ৰচাৰ কাৰ্য চলাইছিল যে সকলো ৰাজনৈতিক দলৰ প্ৰচাৰ কাৰ্য নিস্তেজ হৈ পৰে। আজি ঘোষিত এগজিট পলৰ মতে এনডি টিভিয়ে বিজেপিক ২৩১খন লাভ কৰিব বুলি কৈছে। তাৰ বিপৰীতে ৰিপাব্লিক ভাৰতে বিজেপিৰ আসনৰ সংখ্যা ধাৰ্য কৰিছে ২৬২-২৭৭খন। ইণ্ডিয়া টুডেৰ ধাৰণা অনুসৰি উত্তৰ প্ৰদেশত ২৮৮-৩২৬খন লাভ কৰিব। এবিপি নিউজ-চি ভোটাৰৰ মতে উত্তৰ প্ৰদেশত বিজেপিয়ে ২৬৩খন আসন লাভ কৰিব। মুঠৰ ওপৰত আটাইকেইটা চেনেলৰ এগজিট পল অনুসৰি উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত।

You might also like