উত্তৰ প্ৰদেশত আই এ এছ বিষয়াক নিলম্বন মুখ্যমন্ত্ৰী আদিত্যনাথৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ আইএএছ বিষয়া দেৱচৰণ উপাধ্য়ায়ক নিলম্বন কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। প্ৰকাশিত সূত্ৰ অনুসৰি আলিগড়ৰ মাটি পট্টা বিষয়ত ভুল নিৰ্দেশ দিয়াৰ অভিযোগত আই এ এছ দেৱচৰণৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী যোগী আদিত্য়নাথৰ নিৰ্দেশত উত্তৰ প্ৰদেশত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা হৈছে। দেৱচৰণক প্ৰয়াগৰাজৰ ন্যায়িক ৰাজহ পৰিষদৰ পদৰ পৰা অপসাৰণ কৰা হৈছে।